
কেন্দ্ৰীয় চৰকাৰে IDBI বেংকক বিক্ৰী কৰিবলৈ দিলে অনুমতি: সোনকালে বেংকৰ অংশীদাৰীত্ব বিক্ৰী কৰা হ’ব
এই বছৰৰ বাজেটত কৰা ঘোষণা অনুসৰি IDBI বেংকৰ অংশীদাৰীত্ব বিক্ৰী কৰাৰ সিদ্ধান্তৰ প্ৰস্তাৱত কেন্দ্ৰীয় চৰকাৰে স্বীকৃতি প্ৰদান কৰিছে। বৰ্তমান সময়ত IDBI বেংকত কেন্দ্ৰীয় চৰকাৰ আৰু LIC ৰ ৯৪ শতাংশতকৈ অধিক অংশীদাৰীত্ব আছে। গুৰুত্বপূৰ্ণ কথাটো হ’ল যে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তৰ পিছতে শ্বেয়াৰ বজাৰত IDBI বেংকৰ শ্বেয়াৰ ১৫ শতাংশলৈকে বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে।
উল্লেখ্য যে IDBI বেংকে যোৱা ৫ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে লাভ কৰিবলৈ সক্ষম হৈছিল। ২০১৯-২০ বিত্তীয় বৰ্ষত IDBI বেংকৰ ১২,৮৮৭ কোটি টকাৰ লোকচান হোৱাৰ পৰিবৰ্তে ৩১ মার্চ ২০২১ ত শেষ হোৱা বিত্তীয় বৰ্ষত বেংকটোৱে ১,৩৫৯ কোটি টকাৰ লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছিল। বৰ্তমান সময়ত LIC ৰ হাতত IDBI বেংকৰ ৪৯.২১ শতাংশ শ্বেয়াৰ আছে আৰু তাৰ উপৰিও বেংকটো চোৱাচিতাৰ দায়িত্ব LIC ৰ হাততে আছিল। কিন্তু কোভিড সংকটৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা আৰ্থিক বিষয়ৰ কেবিনেট কমিটিয়ে IDBI বেংকৰ অংশীদাৰীত্ব বিক্ৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। কোৱা হৈছে যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সৈতে আলাপ আলোচনা কৰি LIC আৰু কেন্দ্ৰীয় চৰকাৰৰ কিমান অংশীদাৰীত্ব বিক্ৰী কৰা হব, সেই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।

কেন্দ্ৰীয় চৰকাৰে IDBI বেংকক বিক্ৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে সৰ্ব ভাৰতীয় বেংক কৰ্মচাৰী সন্থাই চৰকাৰে IDBI বেংকৰ অংশীদাৰীত্ব বিক্ৰী কৰাৰ সিদ্ধান্তৰ বিৰোধীতা কৰিছে। সন্থাই কয় যে চৰকাৰে IDBI বেংকৰ ৫১ শতাংশ অংশীদাৰীত্ব নিজৰ হাতত ৰাখিব লাগে। তেওঁলোকে অভিযোগ উত্থাপন কৰে যে কিছুমান কৰ্পৰেট গোষ্ঠীয়ে বেংকটোৰ পৰা ঋণ গ্ৰহণ কৰি ঋণ পৰিশোধ নকৰাৰ বাবেই বেংকৰ আজি এই অৱস্থা আৰু সেইবাবে বৰ্তমান সময়ত ঋণ পৰিশোধ নকৰা ব্যক্তিৰ বিৰুদ্ধে গোচৰ তৰি তেওঁলোকৰ পৰা ঋণৰ টকা ঘূৰাই লোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।