
চামগুৰিৰ সাংবাদিক দিগন্ত ভূঞাৰ অকাল মৃত্যু
চামগুৰিৰ এগৰাকী সৎ ,নিষ্ঠাবান, নিৰ্ভীক আৰু নিৰপেক্ষ সাংবাদিক দিগন্ত ভূঞাৰ আজি পুৱা অকাল মৃত্যু হোৱাত শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোতে।
আজি পুৱা প্ৰায় ৭-৩০ মান বজাত সাংবাদিক দিগন্ত ভূঞায়ে বাসগৃহত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় ৷
বিয়োগ হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে চামগুৰি অঞ্চল বিভিন্ন লোকৰ লগতে অনুষ্ঠান, প্ৰতিষ্ঠানৰ বিষয়ববীয়া সকল তেওঁৰ বাসভৱনত উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ৷
সৰৱৰহী আৰু মৰমীয়াল দিগন্ত ভূঞাই জনমভূমি কাকত খনৰ জড়িয়তে সাংবাদিকতা জীৱন আৰম্ভ কৰি পৰৱৰ্তী সময়ত নিউজ টাইম অসমৰ চামগুৰিস্থিত সাংবাদিক হিচাপে দীৰ্ঘদিন ধৰি কৰ্মৰত আছিল ৷
জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আসাম(জুৱা)ৰ কলিয়াবৰ জিলাৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰা সাংবাদিক গৰাকীয়ে জুৱাৰ ৰাজ্যিক সমিতিৰ সাংগঠনিক সম্পাদক হিচাপেও সেৱা আগবঢ়াইছিল ৷
সাংবাদিক দিগন্ত ভূঞাৰ মৃত্যুত নিউজ টাইম আসামৰ পৰিয়াল বৰ্গ ,জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আসাম লগতে সংযুক্ত সাংবাদিক সন্থা চামগুৰি (উকাচ), চামগুৰি প্ৰেছ ক্লাৱ, পুৰণিগুদাম প্ৰেছ ক্লাৱ, চামগুৰি ইলেক্ট্ৰনিক মেডিয়া এছ‘চিয়েশ্যন, নগাঁও ইলেক্ট্ৰনিক মিডিয়া এছ‘চিয়েশ্যন, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ,পুৰণিগুদাম আঞ্চলিক সমিতি, সাংবাদিক পৰিষদ অসমৰ নগাঁও জিলা সমিতি, নগাঁও জিলা বাৰ্তাজীৱি সংঘ,বঢ়মপুৰ প্ৰেছ ক্লাৱে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে৷আনহাতে চামগুৰি সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে চামগুৰিস্থিত সাংবাদিক দিগন্ত ভূঞাৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে সাংবাদিক গৰাকীৰ পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ৷

আনহাতে কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়া আৰু বাজিয়াগাওঁ মণ্ডল বিজেপিৰ সভাপতি প্ৰানজিৎ বৰাই সাংবাদিক গৰাকীৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগলে পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ৷
অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগ,চামগুৰিৰ ৰাজহ চক্ৰ বিষয়া প্ৰাঞ্জল বৰুৱা,চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কৃষ্ণ কান্ত দলে,নগাঁও প্ৰেছ ক্লাৱৰ সভাপতি কনক হাজৰিকা, সম্পাদকদ্বয় ভাস্কৰ জ্যোতি মেধি,চন্দন জ্যোতি বৰা,বাৰ্তাজীৱি সংঘ,নগাঁৱৰ অখিল চন্দ্ৰ দাস,সম্পাদক মিজু বৰা প্ৰমুখ্যে অনেক গুণমুগ্ধই সাংবাদিক দিগন্ত ভূঞাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৷