Your Voice, Our Strength

চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কামত বিসংগতি, বখলা বখলে এৰাইছে পথ

যোৰহাট বাইপাচৰ পৰা টীয়কৰ জাঁজীলৈকে লিংক্কন এণ্ড ডিগনিটি ইনফ্ৰা প্ৰজেক্ট নামৰ এটা নিৰ্মাণ সংস্থাক ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কামত নিয়োজিত কৰিছিল ।

জি ডি চি এল নামৰ এটা নিৰ্মাণ সংস্থাৰ পৰা উপ ঠিকা লাভ কৰা লিংক্কন নামৰ প্ৰতিষ্ঠানটোৰ নিম্নমানৰ কামৰ বাবেই এতিয়া নিৰ্মীয়মান অৱস্থাত থকা চাৰিলেনযুক্ত পথচোৱা নিৰ্মাণৰ পাছতে বিধস্ত হৈ পৰিছে।

P&C

কোম্পানীটোৰ মইমতালিৰ বাবে এজাক বৰষুণতেই টীয়ক, জগদুৱাৰ আদি পৌৰ এলেকা কৃত্ৰিম বানৰ তলত ডুব যাব লগা অৱস্থা।

আনহাতে নিৰ্মাণকাৰী সংস্থাটোৰ নিম্নানদণ্ডৰ কামৰ বাবেই এতিয়া পথটোৰ ব্লেক টেপিং নিৰ্মাণৰ কিছু দিন পাছতেই বখলা বখলে এৰাই যোৱা পৰিলক্ষিত হৈছে।

ইপিনে সম্প্ৰসাৰণৰ কামৰ সম্পূৰ্ণ হোৱা তিনি মাহ নৌহওঁতেই জাঁজী হাঁহচৰাৰ সমীপত পথটোৰ এটা অংশৰ পকী অংশ ফাটি তললৈ বহি যোৱাৰ লগতে পথটো যাতায়তৰ অনুপযোগী হৈ পৰিছে ।

পথছোৱা নিৰ্মাণৰ সময়ত নিম্নমানৰ কামৰ বাবে স্থানীয় দল সংগঠন তথা ৰাইজে নিৰ্মাণ কাৰ্য বন্ধ কৰিবলৈ নিৰ্মাণকাৰী সংস্থাক দাবী জনাইছিল যদিও আৰক্ষী আৰু প্ৰশাসনৰ সহযোগত কাম অব্যাহত ৰাখিছিল। ফলত আজিৰ এই অৱস্থা হৈছে।

You might also like