Your Voice, Our Strength

ভাৰত-ভূটান সীমান্তত তামুলপুৰ আৰক্ষীৰ অভিযান,নিচাযুক্ত টেবলেটসহ এজনক আটক

বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তত তামুলপুৰ আৰক্ষীয়ে
অভিযান চলাই নিচাযুক্ত টেবলেট সহ এজনক আটক কৰে।

ভাৰত-ভূটান সীমান্তৰ দৰঙামেলাৰ শশীপুৰত তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপেন কলিতা আৰু দৰঙামেলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত চলোৱা হৈছিল ড্ৰাগছ বিৰোধী অভিযান ।

P&C

অভিযানকালত শশীপুৰৰ আশীৰ্বাদ ফাৰ্মাচিত জব্দ কৰা হয় ২০৩ টা নিচাযুক্ত টেবলেট।
ৰাজ্যজুৰি ড্ৰাগছ বিৰোধী অভিযান চলি থকা সময়তে গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত জব্দ কৰা হয় নিচাযুক্ত টেবলেট খিনি।

আশীৰ্বাদ ফাৰ্মাচীৰ স্বত্বাধিকাৰী ইছাহক আলীক ২০৩ টা নিচাযুক্ত টেবলেট সহ আটক কৰে আৰক্ষীয়ে।

দীৰ্ঘদিন ধৰি ইছাহকে অঞ্চলটোত নিচাযুক্ত সামগ্ৰীৰ ব্যৱসায় চলাই আহিছে বুলি অভিযোগ উঠি আহিছে।

আৰক্ষীয়ে ব্যৱসায়ীজনক আটক কৰি অব্যাহত ৰাখিছে জেৰা।

তামুলপুৰ আৰক্ষী থানাত ইছাহক আলীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

আৰক্ষীৰ অভিযানত সহযোগ কৰে কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিলভজ্যোতি নাথৰ লগতে এবিএমছু, গোৰ্খা ছাত্ৰ সন্থা তথা বজৰংগ দলৰ সদস্যসকলে।

You might also like