Your Voice, Our Strength

শিৱসাগৰত আপাৰ আসাম আণ্ডাৰ এ এছ টি চি প্ৰাইভেট বাছ ৱৰ্কাছ ইউনিয়নৰ ধৰ্ণা কাৰ্যসূচী

সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদৰ আহ্বান ক্ৰমে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি শিৱসাগৰত আপাৰ আসাম আণ্ডাৰ এ এছ টি চি প্ৰাইভেট বাছ ৱৰ্কাছ ইউনিয়নৰ সদস্য সকলে পৰিষদৰ বিভিন্ন দাবীৰ সমৰ্থনত ধৰ্না কাৰ্যসূচী ৰূপায়ণ কৰে ।

দেশৰ প্ৰধান চালিকা শক্তি হিচাপে মুখ্য ভূমিকা পালন কৰি অহা বৃহৎ পৰিবহণ খণ্ডৰ শ্ৰমিকসকল আজিৰ কভি’ড পৰিস্হিতিত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত আৰু লাঞ্চিত-বঞ্চিত ।

P&C

শ্ৰমিকসকলক লকডাউন পৰিস্থিতিৰে মোকাবিলা কৰিব পৰাকৈ মাহেকত ৭৫০০ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা, ঋণৰ কিস্তি আদায়ৰ বাবে বিত্তীয় প্ৰতিষ্ঠান সমুহে কৰি অহা জোৰ জুলুম সাময়িক ভাৱে বন্ধ কৰা, কৰ’না পৰিস্থিতিত ৰাইজলৈ বিভিন্ন সেৱা আগবঢ়াই অহা কৰ’না যোদ্ধা হিচাপে খ্যাত মটৰ শ্ৰমিক সকলক অতি শীঘ্ৰে প্ৰতিষেধক বেজী প্ৰদানৰ ব্যৱস্থা কৰাৰ লগতে চৰকাৰৰ দ্বাৰা প্ৰস্তাৱিত মটৰ শ্ৰমিকৰ কল্যাণ আঁচনিখন অতিশীঘ্ৰে অনুমোদন দিয়াৰ দাবীত আজিৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ।

You might also like