Your Voice, Our Strength

আই পি এছ নিম্বালকৰৰ নেতৃত্বত এটাৰ পিছত আন এটা সফলতা

বৰ্তমানৰ কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক আই পি এছ বৈভৱ চি নিম্বালকৰ।

আজিৰ খবৰ,গুৱাহাটী ১৫ জুন : শিলচৰ: বৰ্তমান সময়ত অসমত দুই এজন উচ্চ পদস্থ আৰক্ষী বিষয়াই নিজকে চেলিব্ৰেটি সজোৱাৰ বিপৰীতে আন একাংশ আৰক্ষী বিষয়াই অতি নীৰৱে কঠোৰ পৰিশ্ৰমৰে নিজৰ দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাৰে পালন কৰি দেশ,সমাজ তথা নিজ বিভাগলৈ গৌৰৱ কঢ়িয়াই আনিছে। এনে উচ্চ পদস্থ আৰক্ষী বিষয়া সকলৰ ভিতৰত অন্যতম হল বৰ্তমানৰ কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক আই পি এছ বৈভৱ চি নিম্বালকৰ।


কাছাৰ জিলাৰ পূর্বে তিনিচুকীয়া জিলাত মাত্ৰ কেইমাহ মানৰ বাবে আৰক্ষী অধীক্ষক হৈ থকাৰ সময়ত নিম্বালকৰৰ নিষ্ঠা আৰু সততাৰ বাবে আৰক্ষীৰ পৰা সাধাৰণ লোকৰ মাজত জনপ্ৰিয় হৈ পৰিছিলএই গৰাকী উচ্চ পদস্থ আৰক্ষী বিষয়া। প্ৰচাৰ বিমুখ আই পি এছ বৈভৱ চি নিম্বালকৰে কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰাৰ পিছৰে পৰা প্ৰতি দিনেই কাছাৰ আৰক্ষীয়ে এটাৰ পিছত আন এটা সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। এই সমূহৰ ভিতৰত বাৰমিজ চুপাৰি, বাৰমিজ চিগাৰেট, বিদেশী সুৰা,নিচাযুক্ত টেবলেট, ব্ৰাউন চুগাৰ, হিৰোইনকে আদি কৰি কেইবাকৌটি টকাৰ বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ আদি জব্দ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰি কেইবালাখ নগদ ধন জব্দ কৰাৰ লগতে বিভিন্ন অপৰাধৰ লগত জড়িত অপৰাধী লোকক গ্ৰেপ্তাৰ কৰি ব্যাপক সফলতাৰে আৰক্ষী তথা গৃহ বিভাগলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে শেহতীয়াকৈ মাত্ৰ এটা দিনৰ ভিতৰতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে ঢলাই, সুনাই,মণিপুৰ সীমান্তৰ জীৰিঘাট,লালপানী আদি অঞ্চলৰ লগতে মিজোৰাম সীমান্তৰ লাইলপুৰৰ পৰা প্ৰায় এক কোটি বিছ লাখ টকাৰ মূল্যৰ বাৰমিজ চিগাৰেট, সুৰা,নিচাযুক্ত টেবলেট,হেৰ’ইন আদি জব্দ কৰাৰ লগতে বহু কেইজন লোকক গ্ৰেপ্তাৰ কৰে।আনহাতে অতি কঠোৰ হাতেৰে অপৰাধ আৰু অপৰাধীক দমন কৰিবলৈ সক্ষম হোৱা আই পি এছ বৈভৱ চি নিম্বালকৰে সমাজ আৰু মানৱীয় দৃষ্টকোনৰ পৰা জনকল্যাণৰ হকে তেওঁৰ নেতৃত্বত শিলচৰত ৰক্তদানো কৰে।

P&C

You might also like