Your Voice, Our Strength

দুশ্চিন্তাত পৰিছে নেকি ? তেন্তে শংখ বজাওক

শংখত আছে অদ্ভুত শক্তি....

আজিৰ খবৰ,গুৱাহাটী ১৯ জুন: শংখত আছে আচৰিত শক্তি । মন আনন্দ আৰু স্বাস্থক সুস্থ কৰি ৰাখিবলৈ আটাইতকৈ ভাল ব্যায়ামটো হৈছে শংখ বজোৱা। শংখত কেলচিয়াম, গন্ধক, ফচফৰাচ আদিৰ দৰে ৰাসায়নিক পদাৰ্থ মজুত থাকে_ সেয়ে শংখ এটাত অলপ পানী নিশাটো থৈ ৰাতিপুৱা খালে চকুৰ দৃষ্টিশক্তি প্ৰখৰ হয়, লগতে হাড়ো মজবুত হয়। মুখৰ ছালৰ সমস্যা_ যেনে শালমইনা, কলাদাগ পৰা, বলিৰেখা (wrinkles) আদি সমস্যাত শংখ বজালে বহু উপকাৰ পোৱা যায়; কিয়নো শংখ বজাই থকা সময়ত মুখৰ ছালখনৰ ওপৰতো অধিক চাপ পৰে, ফলত এই প্ৰণায়ামে মুখৰ ছালখনক স্ফীত কৰে আৰু এই সমস্যাবোৰ লাহে লাহে শৰীৰৰ পৰা আঁতৰি যায়। এলাৰ্জিৰ দৰে ছালৰ সমস্যাত শংখত নিশাটো ভৰাই থোৱা পানীৰে দিনত মালিচ কৰিলে উপকাৰ পোৱা যায়। সদায় শংখ বজালে মনৰ দুশ্চিন্তা আঁতৰি যায়, কিয়নো এই অভ্যাসে মগজুলৈ সঠিকভাবে ৰক্ত সঞ্চালন হোৱাত সহায় কৰে। ফলত stress level নিজৰ নিয়ন্ত্ৰনলৈ আহে। গোটেই দিনটোত আপোনাৰ মগজুটো শান্ত অৱস্থাত থাকে। শংখ বজালে গেছৰ সমস্য দূৰ হয়। কিয়নো সেই সময়ত rectal muscles (মলাশয়ৰ মাংসপেশীত পোৱা যায়) বিলাক এবাৰ সংকুচিত হয়, এবাৰ প্ৰসাৰিত হয়_ ফলত গোটেই অংশটোৰ এটা ভাল মালিছ হৈ যায় আৰু গেছৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়। শংখ বজালে ই আমাৰ হাওঁফাওঁখনক শক্তিশালী কৰে, ইয়াৰ পৰিসৰ বৃদ্ধি কৰে, কিয়নো ইয়াক বজাই থকা অৱস্থাত আমাৰ হাওঁফাওঁখনৰ ওপৰত অধিক চাপ পৰে। বয়স বাঢ়ি অহাৰ লগে লগে মানুহৰ শৰীৰৰ অংগ-প্ৰত্যংগবোৰ সংকুচিত হৈ আহিবলৈ ধৰে আৰু সেইবোৰৰ কাৰ্য ক্ষমতা কমি আহে। সেয়ে এই ব্যায়ামে মানুহৰ হাওঁফাওঁখনক বহু বয়সলৈকে কাৰ্যক্ষম কৰি ৰখাত সহায় কৰে।

P&C
You might also like