Your Voice, Our Strength

লাহৰীঘাটত গ্ৰেপ্তাৰ চাৰি ছাইবাৰ অপৰাধী ।

লাহৰীঘাট আৰক্ষীৰ বৃহৎ সফলতা ।

লাহৰীঘাট আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি লাহৰীঘাটৰ নগাবান্ধা গাঁৱৰ পৰা বহু আপত্তি জনক সামগ্ৰীৰ লগতে চাৰি গৰাকী ছাইবাৰ অপৰাধী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত অপৰাধী কেইজন হৈছে গৰৈমাৰী গাঁৱৰ ২৭ বছৰীয়া ৰাজিবুল ইছলাম , ২১ বছৰীয়া ইনজামুল হক , ২১ বছৰীয়া ৰাকিব আলম আৰু ৩২ বছৰীয়া ছফিকুল ইছলাম । ধৃত অপৰাধী কেইজনৰ পৰা আৰক্ষীয়ে বেংক পাচবুক, ছিম কাৰ্ড, পান কাৰ্ড, আধাৰ কাৰ্ড, এ এটি এম , আৰু মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হয় । সম্প্ৰতি লাহৰীঘাট আৰক্ষী য়ে ৩৫৫/২১ US ১২০( B)৪১৯/৪২০/৪৬৮/৪৭১/৪০৯ IPC, R/W Sec.৬৬(C) ৬৬ (D)IT Act ৰ অধীনত গোচৰ ৰুজু কৰি চাৰি অপৰাধী ক জেল হাজতলৈ প্ৰেৰন কৰে।

P&C

লাহৰিঘাটৰ পৰা আফতাপ হুছেইনৰ প্ৰতিবেদন, আজিৰ খবৰ ।

You might also like