Your Voice, Our Strength

মূখ্যমন্ত্ৰী ৰূপে অধিস্থিত হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে ড০ হিমন্ত বিশ্ব শৰ্মা মাৰ্ঘেৰিটা ভ্ৰমণ।

কথা দি কথা ৰাখিলে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মূখ্যমন্ত্ৰী আসনত অধিস্থিত হৈ পুন প্ৰথমবাৰৰ বাৱে আজি মাৰ্ঘেৰিটাত আহি উপস্থিত হ’ল হিমন্ত বিশ্ব শৰ্মা। কথা দি কথা ৰাখিলে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰাক নিৰ্বাচনী প্ৰচাৰসভালৈ আহি হিমন্ত বিশ্ব শৰ্মাই মাৰ্ঘেৰিটা বাসীক কথা দিছিল যে অসমত বিজেপিয়ে চৰকাৰ গঠন কৰিলে দীৰ্ঘ দিনৰ পৰা বন্ধ হৈ থকা মাৰ্ঘেৰিটাৰ উত্তৰ-পূৱ কয়লা ক্ষেত্ৰক পুনৰ কাৰ্যক্ষম কৰি তুলিব। সেই অনুসৰিয়ে আজি মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাৰ্ঘেৰিটাত উপস্থিত হৈ উত্তৰ-পূৱ কয়লা ক্ষেত্ৰৰ উচ্চস্তৰীয় বিষয়ববীয়া সৈতে উত্তৰ-পূৱ কয়লা ক্ষেত্ৰক পুনৰ কাৰ্যক্ষম কৰি তোলা ক্ষেত্ৰত এক গুৰুতৰপূৰ্ণ আলোচনাত মিলিত হয়। এই আলোচনা কালত উত্তৰ-পূৱ কয়লা ক্ষেত্ৰৰ মহা প্ৰৱন্ধকসহ উত্তৰ-পূৱ কয়লা ক্ষেত্ৰৰ বহু কেইজন উচ্চস্তৰীয় বিষয়ববীয়া উপস্থিত থাকে। এই আলোচনাৰ পিছতে মূখ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত অৱগত কৰে যে অতি কম সময়ৰ ভিতৰতে উত্তৰ-পূৱ কয়লা ক্ষেত্ৰক পুনৰ কাৰ্যক্ষম কৰি তোলা হব। মূখ্যমন্ত্ৰী গৰাকীৰ এই ঘোঘণাৰ পিছতে মাৰ্ঘেৰিটাৰ সৰ্বস্তৰৰ ৰাইজ উতফুল্লিত হৈ পৰা দেখা গৈছে।

P&C
You might also like