আজিৰ খবৰ, গুৱাহাটী, ১৯ জুন: যোগ্যতা থকা সত্ত্বেও কংগ্রেছে উপযুক্ত মর্যাদা তথা পদবী কাকো দিব নিবিচাৰে । নতুন নতুন চামক কংগ্রেছে কেতিয়াও আগুৱাই নিবলৈ সুবিধা নিদিয়ে । কংগ্ৰেছত কেৱল এজনেই মানুহ । সেইজনেই অনুশাসন কমিটীৰ সভাপতি, প্রদেশ কংগ্রেছৰ উপ–সভাপতি আৰু কংগ্রেছ বিধায়িনী দলৰ উপ–দলপতিৰ পদটো খামুচি ধৰি থাকে ।এজন মানুহে তিনি–চাৰিটা পদ এইদৰে দখল কৰিছে৷ তেৱেই বিৰোধী দলপতি বহাব পাৰে, প্রদেশ কংগ্রেছৰ সভাপতি পদ ৰখাব পাৰে৷ কোনো এটা নির্দিষ্ট ধর্মীয় লোককহে কংগ্রেছে প্রাধান্য দি আহিছে । পিএচিৰ সভাপতিৰ পদ দিলে ৱাজেদ আলী চৌধুৰীক৷ এটা সময়ত তেওঁ মন্ত্রী আছিল৷ কংগ্রেছেএক ব্যক্তি এক পদৰ কথা কয়৷ কিন্তু এজন মানুহকেই দুটা–তিনিটা পদবীত অলংকৃত কৰে কংগ্ৰেছে । চাৰিবাৰকৈ বিধায়ক তথা উজনি অসমত কংগ্রেছৰ শক্তিশালী কণ্ঠ ৰূপে পৰিচিত মৰিয়নি সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক ৰুলজ্যোতি কুৰ্মীয়ে দল আৰু বিধায়কৰ পদ ত্যাগ কৰাৰ পাছতেই এআইচিচি আৰু এপিচিচিৰ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি কুৰ্মীয়ে এইদৰে কেতবোৰ বিস্ফোৰক মন্তব্য কৰে৷ শুকুৰবাৰে পুৱাৰ ভাগত বিধানসভা সচিবালয়ত উপস্থিত হৈ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ হাতত কুৰ্মীয়ে দল আৰু পদত্যাগ পত্র দাখিল কৰাৰ পাছতে কেন্দ্ৰ আৰু ৰাজ্যিক কংগ্ৰেছ মহলত সৃষ্টি হয় তুমুল জোকাৰণি ।৷ কংগ্রেছ তথা বিধায়ক পদ ত্যাগ কৰা কুর্মীয়ে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা আৰু কংগ্রেছ বিধায়িনী দলৰ উপ–দলপতি ৰকিবুল হুছেইনক চোকা ভাষাৰে সমালোচনা কৰি কয় এজনেই মানুহ অনুশাসন কমিটীৰ সভাপতি, প্রদেশ কংগ্রেছৰ উপ–সভাপতি আৰু কংগ্রেছ বিধায়িনী দলৰ উপ–দলপতিৰ পদত আছে৷ এজন মানুহে তিনি–চাৰিটা পদ এইদৰে দখল কৰিছে৷ তেৱেঁই বিৰোধী দলপতি বহাব পাৰে, প্রদেশ কংগ্রেছৰ সভাপতি পদ ৰখাব পাৰে৷ নির্বাচনী বিপর্যয়ৰ পাছত প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই পদত্যাগ কৰিলে৷ তাৰ পাছত তেওঁ ম’বাইল ফোনৰ ছুইচ অফ কৰি ক’ৰবাত ফুৰিবলৈ গুচি যাব লাগিছিল৷ কিন্তু পদটো খামোচ মাৰি ধৰি থকাৰ কি কাৰণ আছে? আমি কি যোগ্য নহয় নেকি? আমাক এই দায়িত্বভাৰ দিব নালাগিছিল নেকি? অর্থাৎ ৰিপুণ বৰা–ৰকিবুল হুছেইনে কংগ্রেছ দলটোক একেবাৰে শেষ কৰি পেলালে৷ বহু মানুহ আছে তেওঁলোকে সদায় নীৰৱ ভূমিকা লৈ আহিছে । তেওঁলোক নীৰৱে থকা বাবেই আজি দলৰ এই বিপর্যয়৷ যিমানদিন তেওঁলোকে নীৰৱে থাকিব কংগ্রেছ দলটোৰ আৰু ক্ষতি হৈ গৈ থাকিব৷ কুৰ্মীয়ে কয়, বিৰোধী দলপতি হোৱাৰ বাবে মই উপযুক্ত৷ ইয়াৰ বাবে জিতেন্দ্র সিং আৰু মুকুল চাংমাই মোৰ সাক্ষাৎকাৰো লৈছিল৷ পিছে মোক বিৰোধী দলপতিৰ পদ দিম বুলি কোৱা সত্ত্বেও নিদিলে৷ ইয়াৰ পাছত মই কৈছিলোঁ– প্রদেশ কংগ্রেছৰ সভাপতি পদটো খালী হৈ আছে, পাৰিলে দিব লাগে৷ কিন্তু নিদিলে৷ বিধানসভাৰ এখন গুৰুত্বপূর্ণ কমিটী আছে, যিয়ে আমাৰ চৰকাৰক জবাবদিহি কৰিব–শ’লঠেকত পেলাব পাৰিলেহেঁতেন৷ সেয়া হ’ল ৰাজহুৱা হিচাপ পৰীক্ষা (পিএচি) কমিটী৷ তাতো মোক নিদিলে৷ এআইচিচিৰ নেতৃবৃন্দৰ ক’ৰবাত নহয় ক’ৰবাত ব্যর্থতাৰ বাবে বা তৃণমূল পর্যায়ৰ কর্মীৰ কণ্ঠ শুনিবলৈ ইচ্ছা নকৰাৰ কাৰণেই কংগ্রেছৰ সাংগঠনিক দিশ দুর্বল হৈ পৰিছে৷ প্রাক্তন কংগ্রেছ সভাপতি ৰাহুল গান্ধীকো তেওঁ তীক্ষ্ণ কটাক্ষ কৰে৷
আমাৰ কেন্দ্রীয় নেতৃত্বই হওক বা ৰাজ্যিক নেতৃত্বই হওক আমাৰ কথা চিন্তা নকৰিলে । কংগ্রেছৰ কেন্দ্রীয় আৰু ৰাজ্যিক নেতৃবর্গই নতুন যুৱচামক গুৰুত্বহীনহে কৰিছে৷ চাহ জনগোষ্ঠী বা সৰু সৰু জনগোষ্ঠীৰ নেতৃত্ব বহন কৰি থকাসকলৰ কণ্ঠ শুনাৰ ইচ্ছা প্রকাশ কৰা নাই৷ যাৰ কাৰণে আজি দলৰ এই বিপৰ্য্যলৈ গতি কৰিছে । ইতিমধ্যে আৰম্ভ হৈছে কংগ্ৰেছৰ দল ত্যাগৰ যাত্রা । শীঘ্ৰে দুজনমান বিধায়কে দল ত্যাগ কৰিবলৈ ঠেং দাঙি আছে বুলিও কুৰ্মীয়ে মন্তব্য কৰিছে । কংগ্রেছ ত্যাগী কুর্মীয়ে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক উচ্চ প্রশংসা কৰি
অহা সোমবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সন্মুখত কেইবা হাজাৰ সতীৰ্থক লগত লৈ বিজেপিত যোগদান কৰাৰ কথা ঘোষণা কৰে । স্বাভাৱিকতে কুৰ্মীৰ দল ত্যাগত কংগ্ৰেছৰ দলৰ অস্তিত্বৰ প্ৰতিও শংকা আহি পৰিছে । প্ৰশ্ন হয় ক্ষমতা খকৰ বাবে এনেকৈ এদিন অসমৰ পৰা একেবাৰেই নোহোৱা হৈ যাব নেকি কংগ্ৰেছ । কংগ্ৰেছ যেন এটা দুর্বোধ্য সাঁথৰ ।