Your Voice, Our Strength

কামৰূপ মহানগৰত টীকাকৰণ কেন্দ্ৰ বৃদ্ধিৰ নিৰ্দেশ উপায়ুক্তৰ

জ্যেষ্ঠ নাগৰিকৰ বাবে ভ্ৰাম্যমান কেন্দ্ৰৰ ব্যৱস্থা

টীকাকৰণ অভিযান তীব্ৰতৰ কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে কামৰূপ মহানগৰ জিলাত ক’ভিড টীকাকৰণ কেন্দ্ৰৰ সংখ্যা বৃদ্ধিৰ নিৰ্দেশ দিছে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে৷

 

বৰ্তমান থকা কেন্দ্ৰসমূহৰ উপৰিও অতিৰিক্ত কেন্দ্ৰ গঠন কৰি টীকাকৰণ অভিযান তীব্ৰতৰ কৰাৰ নিৰ্দেশ দিছে উপায়ুক্ত পেগুৱে৷

 

P&C

ইয়াৰ উপৰি প্ৰতিটো জ’নতে জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম লোকসকলৰ বাবে একোটাকৈ ভ্ৰাম্যমান কেন্দ্ৰৰ ব্যৱস্থা কৰাৰো নিৰ্দেশ দিয়ে উপায়ুক্ত গৰাকীয়ে৷

 

মহানগৰৰ ভিতৰত ধীৰেণপাৰা, ফটাশিল, আমবাৰী আদি যিবোৰ অঞ্চলত ক’ভিড আক্ৰান্তৰ সংখ্য অধিক আছিল কিন্তু সেই অনুপাতে টীকাকৰণ হোৱা নাই, তেনে অঞ্চলত টীকাকৰণত বিশেষ গুৰূত্ব দিয়াৰ লগতে গ্ৰাম্যাঞ্চলত টীকাকৰণৰ ক্ষেত্ৰতো গুৰূত্ব দিয়াৰ নিৰ্দেশ দিছে উপায়ুক্তই৷

You might also like