Your Voice, Our Strength

গুৱাহাটী কৌশলৰে চলাই আছে দেশী – বিদেশী অবৈধ সুৰাৰ বেহা

আবকাৰী বিভাগৰ অভিযানত চুলাইসহ ২ মহিলাক আটক

আজিৰ খবৰ,গুৱাহাটী , ২২ জুন : ক’ভিডৰ ভয়াবহতা আৰু সান্ধ্য আইনক নেওচিও ৰাজ্যৰ আন বহু অঞ্চলৰ দৰে গুৱাহাটী মহানগৰীতো একাংশ লোকে কৌশলৰে চলাই আছে দেশী – বিদেশী অবৈধ সুৰাৰ বেহা । এনে অবৈধ বেহা বন্ধ কৰিবলৈ আবকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক মানৱী দাস আৰু উপ আৱকাৰী অধীক্ষক মৌচুমী কোঁৱৰৰ নিৰ্দেশত আজি দিনৰ ভাগত গুৱাহাটী সদৰ আবকাৰী চক্ৰই মহানগৰীৰ উলুবাৰী কছাৰীবস্তি , পাৰ্শ্ববৰ্তী আজাৰা অঞ্চলৰ জবে পাটগাওঁ আৰু এয়াৰফৰ্চ গেটত অবৈধ সুৰাৰ বিৰুদ্ধে এক অভিযান চলায় । আৱকাৰী সূত্ৰই সদৰি কৰা অভিযান কালত চুলাই মদ প্ৰস্তুত কাৰ্যত ব্যৱহাৰ হোৱা প্ৰায় ৫০০ লিটাৰ পাছ আৰু ১৫০ লিটাৰ চুলাই মদ জব্দ কৰা হয় । আনহাতে অভিযানকাৰী দলটোৱে উলুবাৰী কছাৰীবস্তিত এজনী অতি এয়াৰফৰ্চ গেটত এজনীসহ মুঠ দুজনী মহিলাক হাতে লোটে আটক কৰে । আটকাধীন দুয়োজনী মহিলাৰ বিৰুদ্ধে অসম আৱকাৰী আইনৰ অধীনত গোচৰ ৰজু কৰি কামৰূপ মহানগৰ জিলাৰ মুখ্য দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাত আদালতে দুয়োজনীকে জেললৈ প্ৰেৰণ কৰে ।

P&C
You might also like