Your Voice, Our Strength

ধুবুৰীত অভিভাৱক সচিব জে বি এক্কা,

পশুপালন আৰু মৎস উৎপাদনৰে স্বাৱলম্বী হোৱাত গুৰুত্ব

 

আজিৰ খবৰ, ২২ জুন: ধুবুৰী জিলাৰ অভিভাৱক সচিব তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ প্ৰধান সচিব ডা জে বি এক্কাই আজি জিলাখনত উপস্থিত হৈ বিভিন্ন কোভিড টিকাকৰণ কেন্দ্ৰ পৰিদৰ্শন কৰি বৰ্দ্ধিত টিকাকৰণ অভিযানৰ ৰূপায়নৰ বুজ লয়৷ জিলা উপায়ুক্ত অন্বামুথন এম পিসহ প্ৰশাসনৰ শীৰ্ষ বিষয়া আৰু স্বাস্থ্য বিভাগৰ বিষয়াই ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়াগৰাকীক সংগ দিয়ে৷ ধুুুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত বিভিন্ন বিভাগৰ কাম কাজৰ বুজ লয় ডা জে বি এক্কাই ।স্বাস্থ্য, জনস্বাস্থ্য কাৰিকৰী, শিক্ষা আদি বিভাগক প্ৰত্যাশাপূৰ্ণ জিলাৰ নিৰ্দ্ধাৰিত মাপকাঠিৰ প্ৰতি লক্ষ্য ৰাখি কাম কৰিবলৈ অভিভাৱক সচিব জে বি এক্কাই নিৰ্দেশ দিয়ে৷ তেওঁ ফলাফলকেন্দ্ৰিক কামকাজৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ লোকনিৰ্মাণ(গৃহ) বিভাগৰ কামকাজ পৰ্যালোচনা কৰি বিষয়াগৰাকীয়ে ঠিকাদাৰৰ অধীনত কাম কৰা নিৰ্মাণ শ্ৰমিকসকলৰ পঞ্জীয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ লোক নিৰ্মাণ(পথ) বিভাগক তেওঁ পথ আৰু দলং নিৰ্মাণৰ প্ৰকল্পবোৰ খৰটকীয়াকৈ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে৷ কৃষকৰ আয় দুগুণ কৰাৰ ঘোষিত লক্ষ্যত উপনীত হোৱাৰ বাবে উদ্ভাৱনীমূলক পদক্ষেপ গ্ৰহণ কৰিবলৈ আই এ এছ বিষয়াগৰাকীয়ে ধুবুৰীৰ জিলা কৃষি বিষয়াক নিৰ্দেশ দিয়ে৷ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ কামকাজ পৰ্যালেচনা কৰি ডা জে বি এক্কাই কয় যে পশুপালনৰ জৰিয়তে আত্মনিৰ্ভৰ হোৱা সুযোগ বহুত বেছি আৰু সেয়ে বিভাগটোৱে স্থানীয় বেচৰকাৰী সংগঠন আদিৰ সহায়ত এইক্ষেত্ৰত অধিক মনোযোগ দিয়া উচিত৷ ব্যক্তিগত পঞ্জীয়ন কৰি ব্যৱসায়িকভাৱে চলাই থকা গাড়ীবোৰৰ বিৰুদ্ধে বিভাগীয় নিয়ম অনুসৰি ব্যৱস্থা লবলৈ জিলা পৰিবহণ বিষয়াক নিৰ্দেশ দিয়ে ধুবুৰীৰ অভিভাৱক সচিবগৰাকীয়ে৷ শ্ৰম বিভাগে ব্যৱসায়িক পঞ্জীয়নৰ গাড়ীচালক আৰু হেণ্ডিমেনৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি আচনি প্ৰস্তুত কৰি থকা বুলি সদৰি কৰি বিষয়াগৰাকীয়ে কয় যে ব্যৱসায়িক কামত ব্যৱহাৰ কৰিলেও ব্যক্তিগত পঞ্জীয়নৰ গাড়ী চলোৱা চালক-হেণ্ডিমেনে এই সুবিধা নাপাব৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগে এম জি এনৰেগাৰ জড়িয়তে চৰকাৰী অনুষ্ঠানৰ ভূমিত পুখুৰী খান্দি দিয়াৰ এখন আচনি আৰম্ভ কৰিব বুলি সদৰি কৰে বিভাগটোৰ প্ৰধান সচিবগৰাকীয়ে৷ প্ৰাৰম্ভিকভাৱে এনে দহ হেজাৰ পুখুৰী চৰকাৰী অনুষ্ঠানৰ ভূমিত খান্দি দিয়া হ’ব আৰু ইয়াৰ পৰা পৰৱৰ্তী সময়ত অনু্ষ্ঠানটোৱে আয় কৰিব পাৰিব৷ তেওঁ মীন বিভাগৰ আচনিৰ পৰ্যালোচনা কৰি ধুবুৰীক মৎস উৎপাদনত স্বাৱলম্বী কৰি তোলাৰ ওপৰত গুৰুত্ব দিয়ে৷

 

P&C

You might also like