
জ্বলা জুইত ঘিউ ঢালিলে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে।
মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাইৰ নামত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতাৰণা কৰাৰ অভিযোগ গৌৰৱ গগৈৰ ।
গুৱাহাটী, আজিৰ খবৰ, ২৩ জুন :- মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতাৰণাৰ গোচৰ তৰিবলৈ অসমৰ মহিলাক আহ্বান গৌৰৱ গগৈৰ।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ বুধবাৰে প্ৰথমখন সংবাদমেল সম্বোধন কৰিলে লোকসভাৰ সাংসদ গৌৰৱ গগৈয়ে ৷

গৌৰৱ গগৈয়ে কয়, “মাইক্ৰ’ ফাইনেন্সৰ ঋণ ৰেহাইৰ প্ৰতিশ্ৰুতি নাৰাখি অসমৰ মহিলাক প্ৰতাৰণা কৰিছে মুখ্যমন্ত্ৰীয়ে।
জ্বলা জুইত ঘিউ ঢলাৰ দৰে সংবাদ মেলত কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে মহিলাসকলক মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতাৰণাৰ গোচৰ তৰিবলৈ আহ্বান জনায়।
SDGৰ ৰিপৰ্টৰ ভুল ব্যাখ্যাৰ লগতে মাইক্ৰ’ ফাইনেন্সৰ ঋণ ৰেহাই আৰু জনসংখ্যা নীতিলৈকে সৰব হৈ মুখ্যমন্ত্ৰীক থকা-সৰকা কৰে সাংসদ গৰাকীয়ে । গগৈয়ে কয় SDGৰ ভুল ব্যাখ্যাৰে ৰাইজক বিপথে পৰিচালিত কৰিছে মুখ্যমন্ত্ৰীয়ে ৷”
কেৱল মাইক্ৰ ফাইনেন্সেই নহয় মুখ্যমন্ত্ৰীৰ জনসংখ্যা নীতিক লৈও সৰব হৈ পৰে সাংসদ গৌৰৱ গগৈ । গগৈয়ে কয় মুখ্যমন্ত্ৰীৰ জনসংখ্যা নীতি আওপুৰণি আৰু অবৈজ্ঞানিক ৷ চৰকাৰে যদি গো-সুৰক্ষা নীতি কৰিব পাৰে, তেন্তে বন্যপ্ৰাণী সুৰক্ষা নীতি কিয় কৰিব নোৱাৰে বুলি প্ৰশ্ন উত্থাপন কৰে সাংসদ গৌৰৱ গগৈয়ে ৷