পূব গুৱাহাটী বিহু সন্মিলনৰ কাৰ্যালয়ত টিকাকৰণ শিবিৰ
এই শিবিৰত চানমাৰি অঞ্চলৰ দুই শতাধিক লোকক ভেকচিন প্ৰদান
আজিৰ খবৰ , ২৩ জুন: চানমাৰিৰ পূব গুৱাহাটী বিহু সন্মিলনৰ উদ্যোগত তথা পূব গুৱাহাটী ৰাজ্যিক চিকিৎসালয়ৰ সহযোগত আজি পূব গুৱাহাটী বিহু সন্মিলনৰ স্থানীয় কাৰ্যালয়ত এটা টিকাকৰণ শিবিৰ অনুষ্ঠিত কৰা হয়৷ দিনৰ ১০ বজাৰ পৰা দুপৰীয়া প্ৰায় ২ বজালৈকে অনুষ্ঠিত এই শিবিৰত চানমাৰি অঞ্চলৰ দুই শতাধিক লোকক ভেকচিন প্ৰদান কৰা হয়৷ পূব গুৱাহাটী বিহু সন্মিলনৰ সভাপতি বসন্ত দাস আৰু কাৰ্যকৰী সভাপতি বিপুল তালুকদাৰৰ উপস্থিতিত আৰম্ভ কৰা এই শিবিৰত পূব গুৱাহাটী ৰাজ্যিক চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাঃ পৰাসী চৌধুৰী আৰু স্বাস্থ্যকৰ্মী সংগীত দত্তই বিশেষভাৱে সহযোগ কৰে৷ শিবিৰত ব্যক্তিৰ প্ৰয়োজন অনুসৰি কভিড প্ৰতিষেধকৰ প্ৰথম আৰু দ্বিতীয় দুয়োপালি চিটা দিয়া বুলি পূব গুৱাহাটী বিহু সন্মিলনৰ প্ৰচাৰ সম্পাদক অভিজিৎ বৰুৱাই জানিবলৈ দিয়ে৷