Your Voice, Our Strength

মহানগৰ আৰক্ষীৰ এক বৃহৎ সফলতা ।

বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছৰ লগতে আৰক্ষীয়ে উদ্ধাৰ কৰে নগদ ২৬ লাখ টকা।

আজিৰ খবৰ, ২৩ জুন : মহানগৰীৰ ধাৰাপুৰৰ মজলীত সন্ধিয়া মহানগৰ আৰক্ষী আৰু আজাৰা আৰক্ষীয়ে চলালে ড্ৰাগছ বিৰোধী অভিযান । অভিযানতে মহানগৰী আৰক্ষী আৰু আজাৰা আৰক্ষীয়ে ধাৰাপুৰ মজলীৰ পৰা জব্দ কৰে বৃহৎ পৰিমানৰ নিচাযুক্ত সামগ্ৰী । মজলীৰ ছফীকুল ইছলাম নামৰ এজন লোকৰ বাস গৃহত আৰক্ষীয়ে চলায় এই অভিযান । প্ৰায় ৬ মাহ ধৰি মজলীৰ নিজ বাস গৃহত বাঁহৰ পাতি ছফিকুলে চলাই আছিল ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় । আৰক্ষীয়ে চলোৱা এই ড্ৰাগছ বিৰোধী অভিযানত জব্দ কৰে ডেৰ লাখ ৱৰ্ল্ড ইজ ইয়ৰছ(য়াবা) নিচা যুক্ত টেবলেট । টেবলেট খিনিৰ আন্তঃৰাষ্ট্ৰীয় কলা বজাৰত মূল্য প্ৰায় ২ কোটি ৫৫ লাখ টকা । লগত আৰক্ষীয়ে উদ্ধাৰ কৰে নগদ ২৬ লাখ টকা । ইতিমধ্যে আৰক্ষীয়ে ছৰিফুল ইছলামৰ পৰা AS 01 ET 7998,AS 01 DU 7446 নম্বৰৰ দুখন বিলাসী চাৰিচকীয়া বাহন জব্দ কৰে। আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্ত আৰু ADCP সঞ্জীৱ শইকীয়াৰ নেতৃত্বত চলে এই অভিযান ।

আনহাতে এই অভিযানৰ অন্তত আৰক্ষীয়ে ছফিকুলক আজাৰা আৰক্ষী থানা লৈ অনাৰ সময়তে চলন্ত গাড়ীৰ পৰা ধাৰাপুৰ বজাৰত পলাবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে গুলীচালনা কৰে । গুলীচালনাত গুৰুত্বৰ ভাৱে আহত হয় ড্ৰাগছ বেপাৰী ছফিকুল ইছলাম । গুৰুত্বৰ ভাৱে আহত ছফিকুল ইছলামক আজাৰা প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছত আঘাত গুৰুত্বৰ হোৱাত পানবজাৰস্থিত এম এম চি এছলৈ প্ৰেৰণ কৰা হয় ।

P&C

You might also like