Your Voice, Our Strength

গুৱাহাটী মহানগৰীৰ বাছ আস্থানত বিজেপি মহানগৰ জিলাৰ ছেনিটাইজেশ্যন।

আজি মহানগৰীৰ খানাপাৰাস্থিত বাছ আস্থানত ছেনিটাইজেশ্যন কৰা হয়।

আজিৰ খবৰ, গুৱাহাটী, ২৪ জুন : কভিদ ১৯ প্ৰতি লক্ষ্য ৰাখি বিজেপি গুৱাহাটী মহানগৰ জিলা ,সেৱাই সংগঠনৰ ছেনিটাইজাৰ বিভাগে বিগত কিছুদিন ধৰি মহানগৰীৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে পথ সমুহত ছেনিটাইজেশ্যন কৰি আহিছে ৷ ইয়াৰে অংশ হিচাপে আজি মহানগৰীৰ খানাপাৰাস্থিত বাছ আস্থানত ছেনিটাইজেশ্যন কৰা হয় ৷ জিলা সভাপতি মৃগেন শৰনীয়া ,সাধাৰন সম্পাদক অমৰজ্যোতি ডেকা ,কোষাধ্যক্ষ বিজয় ৰাজবংশী আৰু ছেনিটাইজাৰ বিভাগৰ আহ্বায়ক মৃনাল কাকতিৰ উপস্থিতিত খানাপাৰা বাছ আস্থান ছেনিটাইজ কৰে ৷ ইয়াৰ পিছত খানাপাৰাৰ পৰা জিএছ ৰোড হৈ মালিগাৱৰ থকা সকলো বাছ আস্থানত ছেনিটাইজেশ্যন কৰা হয় ৷ এই ক্ষেত্ৰত সভাপতি মৃগেন শৰনীয়াই কয় যে কভিডৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰ জিলাই পৌৰনিগমৰ সহযোগত মহানগৰীৰ প্ৰতিটো বাছআস্হান ছেনিটাইজাৰ কৰাৰ সিদ্ধান্ত গ্ৰহন কৰা হৈছে ৷৷যাত্ৰী সকলে বাছ আস্থান সমুহত জিৰণি লোৱাত কোনো সংশয় নাথাকে তাৰবাবেই আস্থান সমুহ পৰিস্কাৰ পৰিচন্নতা কৰাৰ প্ৰয়োজন ৷ ইয়াৰ বাবেই মহানগৰ জিলাই এই পদক্ষেপ গ্ৰহন কৰিছে বুলি শৰনীয়াই উল্লেখ কৰে ৷ উল্লেখ্য মহানগৰীৰ জিএছ ৰোডৰ ফুটব্ৰীজ সমুহতো ছেনিটাইজেশ্যন কৰে ৷৷

P&C
You might also like