Your Voice, Our Strength

অৱশেষত সন্ধান লাভ ব্যৱসায়ী সন্দীপ জালানৰ।

উত্তৰ প্ৰদেশৰ বাৰাণসীৰ এটা মন্দিৰত আশ্ৰয় লৈ আছিল সন্দীপ জালানে।

আজিৰ খবৰ, গুৱাহাটী, ২৪ জুন:গুৱাহাটীৰ অভিজাত ব্যৱসায়ীক প্ৰতিষ্ঠান শ্ব’হমৰ স্বত্বাধিকাৰী সন্দীপ জালানৰ সন্ধান উত্তৰ প্ৰদেশৰ বাৰাণসীত লাভ কৰা হৈছে।বাৰাণসীৰ এটা মন্দিৰত আশ্ৰয় লৈ আছিল সন্দীপ জালানে।সন্দীপ জালানক লৈ অসম আৰক্ষীয়ে উত্তৰ প্ৰদেশৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰিছে।

 

অতি সোনকালেই তেওঁক অসমলৈ লৈ অনা হ’ব।অৱশ্যে তেওঁ কিয় আত্মগোপণ কৰি আছিল সেই সন্দৰ্ভত এতিয়ালৈকে সবিশেষ জানিব পৰা নাই।ইতিমধ্যে সন্দীপ জালানক বিচাৰি পল্টন বজাৰ আৰক্ষী বিষয়া পংকজ কলিতাৰ নেতৃত্বত কলকাতালৈ মহানগৰ আৰক্ষীৰ দল ৰাওনা হৈছে।

 

P&C

উল্লেখযােগ্য যে,মঙলবাৰে সন্ধিয়া প্ৰায় ৭ বজাত ইভিনিং ৱাকৰ বাবে ওলাই গৈছিল সন্দীপ জালান।ইভিনিং ৱাকলৈ যোৱাৰ পৰাই সন্ধান নাছিল সন্দীপ জালানৰ।জানিব পৰা মতে চাইকেল চলাই এখন হোটেললৈ আহিছিল সন্দীপ জালান।

 

সেই সময়ত তেওঁ যথেষ্ট মানসিক চাপত আছিল।হোটেলৰ পৰা ওলাই তেওঁ পুনৰ ছ’হাম শ্বপীলৈ গৈ এটা বেগত কাপোৰ ভৰাই ওলাই আহিছিল।আনহাতে ম’বাইল ট্ৰেক অনুসৰি তেওঁৰ শেষ অৱস্থিতি ছয়গাঁৱত পোৱা গৈছিল।

You might also like