Your Voice, Our Strength

পশ্চিম গুৱাহাটীত কংগ্ৰেছত পুনৰ খহনীয়া

সমূহীয়া পদত্যাগ উত্তৰ ভোলাগাওঁ মণ্ডল কংগ্ৰেছ

আজিৰ খবৰ,২৫ জুন : পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ এগৰাকী প্ৰভাৱশালী নেত্ৰী তথা গুৱাহাটী জিলা কংগ্ৰেছৰ সভাপতি ডঃ জুৰি শৰ্মা বৰদলৈয়ে কিছুদিন পূৰ্বে দলৰ পৰা পদত্যাগ কৰাৰ পাছত সমষ্টিটোত কংগ্ৰেছ দলত গৰা খহনীয়া আৰম্ভ হৈছে । আজি সমষ্টিটোৰ ৰাণী ব্লক কংগ্ৰেছৰ অধীনৰ উত্তৰ ভোলাগাওঁ মণ্ডল কংগ্ৰেছ কমিটিয়ে দলটোৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে দলীয় কৰ্মীক অৱহেলা কৰাৰ অভিযোগ কৰি সমূহীয়াভাৱে পদত্যাগ কৰে । মণ্ডল কমিটিৰ সভাপতি তিলক ঠাকুৰীয়া , উপ সভাপতিদ্বয় তপন দাস আৰু গৌতম তালুকদাৰ , সাধাৰণ সম্পাদক শৈলেন চন্দ্ৰ দাস , মুখ্য উপদেষ্টা দেবেশ্বৰ ঠাকুৰীয়াৰ উপৰি পাঁচজনকৈ বুথ কমিটিৰ সভাপতিকে ধৰি কেবাজনো কৰ্মকর্তাই তেওঁলোকে পদত্যাগ কৰা পত্ৰ লিখিতভাৱে ৰাণী ব্লক কংগ্ৰেছ কমিটিৰ সভাপতিলৈ প্ৰেৰণ কৰিছে । ইফালে কংগ্ৰেছ দলৰ পদত্যাগ কৰাৰ পাছত পদত্যগী সকলে অগপ বা বিজেপি দলত যোগদান কৰাটো প্ৰায় নিশ্চিত হৈছে । অৱশ্যে কোনটো দলত যোগদান কৰিব তাক লৈ পদত্যাগী সকলৰ মাজত কিছু মতভেদ হৈছে। কিন্তু শেহতীয়াভাৱে সমষ্টিটো বিজেপি নেতৃত্বাধীন অগপ দলৰ অধীনত থকা বাবে গৰিষ্ঠসংখ্যকেই অগপ দলত যোগদানৰ ইচ্ছা প্ৰকাশ কৰিছে । আনকি সমষ্টিটোৰ অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু অগপৰ সমষ্টি কমিটিৰ সাধাৰণ সম্পাদক ৰবীন দৈমাৰীৰ সৈতে পদত্যাগী সকলৰ একাংশই সন্ধিয়া যোগাযোগ কৰিছে বুলি জানিব পৰা গৈছে । আনহাতে সমষ্টিটোৰ এখন গুৰুত্বপূৰ্ণ মণ্ডল কমিটিয়ে পদত্যাগ কৰাৰ পাছত দলীয় নেতৃত্বই ৰহস্যজনক নীৰৱতা অৱলম্বন কৰিছে । উল্লেখযোগ্য যে বিগত প্ৰায় পাঁচটা দশকৰ ভিতৰত সমষ্টিটো মাত্ৰ দুবাৰহে কংগ্ৰেছ দলৰ দখলত আছিল । দলৰ হৈ হেমন্ত তালুকদাৰ ২০০১ আৰু ২০১১ চনত বিজয়ী হৈছিল । ২০১৬ চনত তালুকদাৰক টিকটৰ পৰা বঞ্চিত কৰি ডঃ জুৰি শৰ্মা বৰদলৈক কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ পাছত হেমন্ত তালুকদাৰে দলটোৰ পৰা পদত্যাগ কৰে । তাৰ পাছতে সমষ্টিটোত কংগ্ৰেছ দলৰ সাংগঠনিক ভেটিত খহনীয়াৰ সৃষ্টি হয় ।

You might also like