Your Voice, Our Strength

সকলোৰে মৰমৰ ৰীতা বাইদেউ আৰু নাই

আজি সকলো বাক ৰুদ্ধ ৷

আজিৰ খবৰ, ওৰাং, ২৬ জুন : নিঃশব্দ জোৰাদিয়া প্ৰাথমিক বিদ্যালয়ৰ চৌহদ ৷

 

যি গৰাকী বাইদেউে সময় মতে বিদ্যালয়ত আহি সকলোকে মৰমেৰে পঠদান কৰিছিল সেইগৰাকী ৰীতা বাইদেউ আৰু নাই ৷আজি উকা হৈ পৰিছে জোৰাদিয়া প্ৰাথমিক বিদ্যালয় । ছাত্ৰ -ছাত্ৰী,শিক্ষক,সমাজৰ সকলোকে নিঠৰুৱা কৰি ৰীতা কলিতা মেধিয়ে মৃত্যুক আকোঁৱালি ললে ।ঢেকীয়াজূলী প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনৰ আৰু “জোৰাদিয়া প্ৰাথমিক বিদ্যালয়ৰ “কৰ্মৰত প্ৰধান শিক্ষয়েত্ৰীৰ দায়িত্বত থকা ৰীতা বাইদেউ আৰু ইহ সংসাৰত নাই।জানিব পৰা মতে দীৰ্ঘদিন ধৰি তেওঁ গুৰুতৰ অশুখত আক্ৰান্ত হৈ আছিল। অৱশেষত জীৱন যুদ্ধৰ সতে তেওঁ হাৰ মানিলে।শিক্ষাৰ দৰে পবিত্ৰ বৃত্তিত নিয়োজিত হৈ কাম কৰা এই গৰাকী মহান শিক্ষয়েত্ৰীয়ে অতি কম দিনৰ ভিতৰতে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী মাজত আস্থাভাজন হৈ পৰিছিল।ঢেকীয়াজুলী নিবাসী ৰীতা কলিতাই মৃত্যুৰ সময়ত তেখেতৰ স্বামী ,জী-জোৱাই ,পুত্ৰ, আৰু নাতিনীক ইহ-সংসাৰত এৰি থৈ যায় । যোৱা নিশা মৃত্যু হোৱা ৰীতা কলিতাৰ মৃত্যুৰ বাতৰিয়ে বৃহত্তৰ ঢেকীয়াজুলী আৰু জোৰাদিয়া অঞ্চলৰ ৰাইজক শোকাস্তব্দ কৰি তোলে । আজি তেঁওৰ মৃতদেহ কৰ্মস্থলী “জোৰা দিয়া প্ৰাথমিক বিদ্যালয়”লৈ অনা হয় আৰু অংসখ্য গুণমুগ্ধই তেওক শেষ বাৰৰ কাৰনে অশ্ৰুশিক্ত নয়নে চিৰবিদায় দি শ্ৰদ্ধাঞ্জলি যাচে।

P&C

You might also like