Your Voice, Our Strength

গুৱাহাটী পৌৰ নিগমৰ ১৮ নং ৱাৰ্ডৰ ৫২ জন চাফাই কৰ্মচাৰীক সম্বৰ্ধনা

গুৱাহাটী পৌৰ নিগমৰ ১৮ নং ৱাৰ্ডৰ ৫২ জন চাফাই কৰ্মচাৰীক প্ৰশংসা পত্ৰ, ফুলাম গামোছা আৰু উপহাৰৰ টোপোলাৰে সম্বৰ্ধনা

আজিৰ খবৰ, গুৱাহাটী, ২৭ জুন : ৰ’টাৰী ক্লাব অৱ গুৱাহাটী লুইট আৰু ৰ’টাৰি গুৱাহাটী লুইট ট্ৰাষ্টৰ যুটীয়া উদ্যোগত ‘সন্মান’ শীর্ষক এক অনুষ্ঠানৰ দেওবাৰে আয়োজন কৰা হয়। গুৱাহাটীৰ বিৰুৱাৰীৰ শ্মশান প্ৰাংগণত অনুষ্ঠিত এই অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ ১৮ নং ৱাৰ্ডৰ গুৱাহাটী পৌৰ নিগমৰ ৫২ জন চাফাই কৰ্মচাৰীক সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশিস শৰ্মা মুখ্য অতিথি আৰু সন্মানীয় অতিথি হিচাপে অভিনেত্ৰী নিশিতা গোস্বামী উপস্থিত থাকে। এই অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ ১৮ নং ৱাৰ্ডৰ ৫২ জন চাফাই কৰ্মচাৰীক প্ৰশংসা পত্ৰ, ফুলাম গামোছা আৰু উপহাৰৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয়।

এই অনুষ্ঠানত ক্লাৱৰ সভাপতি ৰাজীৱ ঠাকুৰ, সম্পাদক অমিত অজিতচৰিয়া, প্ৰকল্প অধ্যক্ষ অজয় ভৰালী আদি উপস্থিত থাকে। উল্লেখ্য, বিগত ছয় বছৰ ধৰি গুৱাহাটী পৌৰ নিগমৰ কৰ্মচাৰী, হাস্পতালৰ চাফাই কৰ্মচাৰী আৰু নাৰ্চ সকলক উদ্যোক্তা সকলে এই অনুষ্ঠানৰ আয়োজন কৰি আহিছে।

P&C

You might also like