Your Voice, Our Strength

COVID-19 ৰ ভয়াবহ সময়ছোৱাত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ প্ৰশংসনীয় পদক্ষেপ।

নগাঁও জিলাৰ শিল্পী সমাজক সামান্যতম হলেও সহায়ৰ বাবে আগবাঢ়ি আহিছে ৰূপক শৰ্মা।

আজিৰ খবৰ, নগাঁও, ২৮ জুন :নগাঁও জিলাৰ এসময়ৰ শিল্পী তথা বৰ্তমানৰ নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ নেতৃত্বত আয়োজন কৰা হৈছে ৰবিবাৰে শিল্পী সকললৈ সামগ্ৰী প্ৰদান অনুষ্ঠান ৷

 

এসময়ত ড্ৰাম বজাই সাংস্কৃতিক দিশত আগবঢ়াৰ লগতে শিল্পী সকলকো আগুৱাই নিয়াৰ প্ৰয়াস বৰ্তমানেও এৰি দিয়া নাই নগাঁও জিলাৰ সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ৷ ল’ক ডাউনৰ এক ভয়াবহ অৱস্থাত যোৱা বছৰৰ দৰে এই বছৰো শিল্পী সকলক এক লগ কৰি শিল্পী সকলৰ অৱস্থাৰ বিষয়ে চিন্তা কৰি তেওঁলোকক কিছু খাদ্য সামগ্ৰী প্ৰদান কৰে মৰমৰ বিধায়কগৰাকীয়ে ৷ নগাঁৱৰ অগ্ৰণী সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান “ সৃষ্টি “ ৰ উদ্যোগত নগাঁৱৰ শিল্পী সকললৈ দৈনন্দিন জীৱনৰ মৌলিক প্ৰযোজনৰ সামগ্ৰী প্ৰদান কৰে বিধায়ক ৰূপক শৰ্মাই ৷ বিধায়ক ৰূপক শৰ্মাৰ এনে পদক্ষেপক আদৰণি জনায় শিল্পী সমাজে।

P&C

You might also like