Your Voice, Our Strength

লকডাউনৰ বাবে সাজু থাকক যোৰহাটবাসী

যোৰহাটত পুনৰ বৃদ্ধি কোভিড সংক্ৰমণৰ হাৰ।

জনসাধাৰণ সচেতন নহলে সম্পূৰ্ণ লকডাউনৰ হব যোৰহাট

 

আজিৰ খবৰ,২৯ জুন: জিলাখনত নতুন এছঅ’পি বলৱৎ কৰি জনসাধাৰণক কিছু সকাহ দিছে যদিও কোভিদৰ সংক্ৰমণৰ হাৰ বৃদ্ধিয়ে বিপাঙত পেলাইছে জিলাখনক । শেহতীয়াকৈ যোৰহাটত পুনৰ বৃদ্ধি পাইছে কোভিড সংক্ৰমণৰ হাৰ। বাঢ়িছে মৃত্যুৰ সংখ্যাও। এনেদৰে সংক্ৰমণ বাঢ়ি গৈ থাকিলে যোৰহাটতো সম্পূৰ্ণ লকডাউন দিয়াৰ পূৰ্ণ সম্ভাৱনা নুই কৰিব নোৱাৰি । ২৮ জুনত বলৱৎ হোৱা নতুন এছ অ পি অনুসৰি জিলাখনত দুপৰীয়া ১ বজালৈকে দোকান-পোহাৰসমূহ তথা চৰকাৰী-বেচৰকাৰী কাৰ্যালয়সমূহ খোলা থাকিব আৰু দিনৰ ২ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈকে সান্ধ্য আইন বলৱৎ হ’ব। যোৰহাট জিলাই সামান্য সকাহ পোৱাৰ কাৰণ আছিল যে বিগত সপ্তাহটোত ক্ৰমান্বয়ে কমিবলৈ ধৰিছিল কোভিডৰ সংক্ৰমণ। কিন্তু পুনৰ ২৪ জুনৰ পৰা পুনৰ এই হাৰ বাঢ়িবলৈ ধৰাৰ লগতে মৃত্যুৰ সংখ্যাও বাঢ়িবলৈ ধৰে । যোৰহাটত নতুন এছঅ’পি বলৱৎ কৰি দোকান খোলাৰ সময় এঘণ্টা বৃদ্ধি কৰিলে যদিও কোভিডৰ সংক্ৰমণ নকমিলে সম্পূৰ্ণ লকডাউন ঘোষণা কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । নতুন এছঅ’পি অনুসৰি

P&C

কোনো অঞ্চলত কোভিড সংক্ৰমিত লোকৰ সংখ্যা দহজন হলে সেই অঞ্চলটো কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিব প্ৰশাসনে ।

উল্লেখ্য যে যোৰহাটৰ বহু লোক সাৱধানতা নোহোৱাৰ বাবেই ইয়াৰ ফল ভুগিবলৈ গৈ আছে যোৰহাটৰ ৰাইজে । ইয়াৰ পাছতো যদি জনসাধাৰণ সচেতন নহয় তেন্তে সম্পূৰ্ণ লকডাউনৰ হব যোৰহাটত।

You might also like