Your Voice, Our Strength

মেট্ৰিক , হায়াৰ ছেকেণ্ডাৰীক লৈ আশ্বস্ত নহয় AJYCP

চৰকাৰৰ সিদ্ধান্তক বাতিল কৰিবলৈ আহ্বান

আজিৰ খবৰ,২জুলাই : HLSC- HSৰ মূল্যায়ংকন পদ্ধতিক লৈ AJYCP কোনো কাৰণতে আশ্বস্ত নহয় । চৰকাৰে যিখন চাৰ্টিফিকেট দিয়াৰ ব্যৱস্থা কৰিব চৰকাৰী চাকৰি বা অন্য সকলোতে গ্রহণযোগ্য হব লাগিব । মাৰ্কশ্বীট চাকৰিৰ বাবে গ্ৰহণযোগ্য নোহোৱাত ক্ষোভ উজাৰিছে অসম জাতীয়তাবাদী। যুৱ ছাত্ৰ পৰিষদে ।

কেবিনেটে লোৱা এটা সিদ্ধান্তক কেনেদৰে এটা বিভাগে নিজাববীয়াকৈ লব পাৰে বুলি প্ৰশ্ন উত্থাপন কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পলাশ চাংমাইয়ে । চাংমায়ে কয় চৰকাৰৰ ভুল নীতিৰ কুফল ভুগিছে ছাত্র ছাত্ৰীসকলে । ক’ভিড প্ৰটকল মানি সকলোৰে বাবে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ দাবী জনাইছে যুৱ ছাত্ৰ পৰিষদে । পৰিষদে চৰকাৰী চাকৰি বা অন্য সকলোতে গ্রহণযোগ্য হোৱাকৈ স্বীকৃতি প্ৰাপ্ত চাৰ্টিফিকেটৰ ব্যবস্থা কৰিবলৈ দাবী জনাইছে চৰকাৰক । পলাশ চাংমায়ে কয় চৰকাৰৰ বিভাগসমূহৰ মাজত কোনো মিল নাই ।

P&C

নিৰ্বাচনৰ পূৰ্বে পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিলেহেঁতে কিন্তু তাকে নকৰি এতিয়া কুফল ভুগিব লগা হৈছে ছাত্ৰ ছাত্ৰীয়ে । মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ গোটেই বিষয়টো মুখ্যমন্ত্রীৰ হস্তক্ষেপৰ দাবী উত্থাপন কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ।

You might also like