Your Voice, Our Strength

ঋতুমণিৰ নতুন জীৱন

বহুদিন ধৰি বিছনাতে পৰি থকা ঋতুমণি আৰোগ্যৰ পথত অচিৰেই চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি আহিব ঋতুমণি।

আজিৰ খবৰ, গুৱাহাটী, ২ জুলাই:সুস্থ হৈ উঠিছে দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ শৰ্য্যগত হৈ থকা শিৱসাগৰ জিলাৰ হাঁহচৰা বোকানগৰ সন্দিকৈ গাঁৱৰ ঋতুমণি হাজৰিকা নামৰ যুৱতী গৰাকী।ঋতুমণিক যোৱা ২০ জুনত ব্ৰহ্মপুত্ৰ নাৰ্ছিহোমত ভৰ্তি কৰোৱা হৈছিল।

 

মেধাৱী ছাত্ৰী গৰাকীয়ে স্নাতক পাছ কৰাৰ পিছত দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ শৰ্য্যগত হৈ আছিল।মূৰত স্পৰ্শ কৰিলে বিষত চিঞৰি উঠিছিল ঋতুমণিয়ে।মানসিকভাৱে ভাগি পৰিছিল ঋতুমণিৰ পৰিয়াল।কিন্তু ধনৰ অভাৱৰ বাবে উন্নত চিকিৎসা কৰাব পৰা নাছিল যুৱতীগৰাকীৰ৷

 

P&C

ঋতুমণিক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ।সাংসদ তপন কুমাৰ গগৈৰ মহানুভৱতাত এতিয়া ক্ৰমাৎ সুস্থ অৱস্থালৈ আহিছে ঋতুমণি।প্ৰতিদিনেই চিকিৎসকৰ পৰা ঋতুমণিৰ খবৰ লৈ আছে সাংসদ তপন কুমাৰ গগৈয়ে।

 

উল্লেখযোগ্য যে,কালি ব্ৰহ্মপুত্ৰ নাৰ্চিংহমত উপস্থিত হৈ ঋতুমণিক লগ কৰে সাংসদ তপন কুমাৰ গগৈয়ে।ইয়াৰ পাছতেই ছচিয়েল মিডিয়াত তপন কুমাৰ গগৈয়ে লিখিছে যে,”জটিল ৰোগত আক্ৰান্ত হৈ ঘৰৰ বিচনাখনেই একমাত্ৰ সাৰথি হোৱা হাঁহচৰা সন্দিকৈ গাঁৱৰ মেধাৱী ছাত্ৰী ঋতুমণি হাজৰিকাক যোৱা ২০ জুনত চিকিৎসাৰ বাবে ব্ৰহ্মপুত্ৰ নাৰ্চিংহমত ভৰ্তি কৰাইছিলো।

 

চিকিৎসাধীন হৈ থকা ঋতুমণিৰ স্বাস্থ্যৰ খবৰ প্ৰতি মূহুৰ্ততে ৰাখিছিলোঁ।আজি চিকিৎসালয়খনত উপস্থিত হৈ ঋতুমণিৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে চিকিৎসক আৰু ঋতুমণিৰ পৰিয়ালৰ লোকসকলৰ সৈতে বাৰ্তালাপ কৰিলোঁ।ঋতুমণি সুষ্ঠ হৈছে, কেইদিনমানৰ পাছতে ৠতুমণি চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি আহিব।”

 

You might also like