Your Voice, Our Strength

মৈৰাবাৰী আৰক্ষীৰ জালত, নগাঁও আৰক্ষীৰ মোষ্ট ৱান্টেড ড্ৰাগছ মাফিয়া নজৰ ফকিৰ।

মধ্য অসমৰ ড্ৰাগছ সৰবৰাহৰ অন্যতম মাষ্টাৰ মাইণ্ড নজৰ ফকিৰ অৱশেষত আটক হ'ল মৈৰাবাৰী আৰক্ষীৰ হাতত।

নগাঁও জিলাৰ ধিং থানাৰ অন্তৰ্গত নিজ ধিঙৰ পৰা এই দুধৰ্ষ ড্ৰাগছ মাফিয়া টোৱে বিভিন্ন অঞ্চললৈ সৰবৰাহ কৰিছিল ড্ৰাগছ, ব্ৰাউন ছুগাৰ।

 

নজৰৰ সহযোগী বাহাৰুলক গ্ৰেপ্তাৰৰ পোন্ধৰ দিনৰ পাছত আটক নজৰ ফকিৰ। এতিয়াও পলাতক নুইম্মা আলী।

 

P&C

যোৱা ১০ বছৰতকৈ অধিককাল ধৰি শিলিগুৰিৰ লগতে বিভিন্ন বহিঃৰাজ্যৰ পৰা ড্ৰাগছ ব্ৰাউন চুগাৰ সৰবৰাহৰ মাষ্টাৰ মাইণ্ড, নগাও জিলালৈ ড্ৰাগছ বৰবিহ কঢ়িয়াই অনা অন্যতম বাটকটীয়া নজৰ ফকিৰ।

 

বিভিন্ন সময়ত বিভিন্ন বেশভূষাৰে আৰক্ষীৰ চকুত ধুলি দি বৃহৎ ড্ৰাগছ মাফিয়াৰ হৈ কাম কৰি আহিছে নজৰ ফকিৰে।

 

শিশু মহিলাকো ড্ৰাগছ সৰবৰাহত ব্যৱহাৰ কৰা নজৰে প্ৰথমে দৰিদ্ৰ লোকক ভঙা ছিগা লোহা টিন প্লাষ্টিক ক্ৰয় কৰা বা ভেৰা ৰখা কামত নিয়োগ কৰি পিছত ড্ৰাগছ সৰবৰাহৰ প্ৰশিক্ষণ দিয়ে। তেনে কাম কৰিব নিবিছৰা শিশুক লো গৰম কৰি ভৰিত সোমোৱাই দিয়া আদি জঘণ্য কাণ্ড সংঘটিত কৰাৰ সন্দৰ্ভত পূৰ্বেও বিভিন্ন মাধ্যমত সম্প্ৰচাৰ হৈছিল বাতৰি।

 

শিশু, স্কুলীয়া যুৱক, দৰিদ্ৰ লোক সকলৰ মাজত নজৰে ড্ৰাগছৰ ভয়াবহ প্ৰচলন কৰাৰ ফলত অঞ্চলবাসীয়ে লব লগা হৈছিল শাস্তিমূলক ব্যৱস্হা।

 

মুছলমান সম্প্ৰদায়ৰ এইটো নজৰ ফকিৰে বাবা ভোলানাথৰ ভক্তৰ বেশ ধৰি গাঞ্জাৰ লগতে মুৰৰ জটাৰ মাজতে লৈ ফুৰে ব্ৰাউন চুগাৰৰ কণ্টেনাৰ।

 

নজৰৰ পত্নীও ড্ৰাগছ সৰবৰাহৰ বাবে আছে জেলহাজোতত। বিভিন্ন সময়ত ধিং থানাক মেনেজ কৰি নজৰে ড্ৰাগছ সৰবৰাহ চলাই গৈছিল যদিও অৱশেষত মৰিগাঁও জিলাৰ মৈৰাবাৰী থানাৰ আৰক্ষীৰ জালত শুক্ৰবাৰে পৰিল নজৰ ফকিৰ। কুখ্যাত ড্ৰাগছ মাফিয়া নজৰক এইবাৰ আৰক্ষীয়ে কেনে শাস্তি প্ৰদান কৰে সেয়া হব লক্ষণীয়।

You might also like