Your Voice, Our Strength

যোগদান সমাৰোহে মৰিয়নিত শক্তি প্ৰদৰ্শন ৰুপজ্যোতি কুর্মীৰ

ক'ভিড বিধি উলংঘা কৰাৰ অভিযোগ,ব্যাপক চৰ্চা

আজিৰ খবৰ,৪ জুলাই : যি সময়ত যোৰহাট জিলাত ক’ভিডৰ সংক্ৰমণে ভয়াবহ ৰূপ লৈছে তেনে এক জটিল সময়ত খোদ শাসকীয় চৰকাৰৰ মন্ত্ৰী-বিধায়কে মৰিয়নিত অনুষ্ঠিত কৰিলে বিজেপিৰ যোগদান সমাৰোহ। বিজেপিয়ে ক’ভিড বিধি উলংঘা কৰাৰ অভিযোগ কৰিছে বিভিন্নজনে। ছচিয়েল মিডিয়াতো ব্যাপক সমালোচনা কৰা দেখা গৈছে শাসকীয় বিজেপি দলক। অন্যহাতে জিলা খনত ক’ভিডৰ সংক্ৰমণ ৰোধ নোহোৱাত লকডাউন ঘোষণা কৰাৰ চিন্তা চৰ্চা কৰিছে জিলা প্ৰশাসনে। তাৰ মাজতে আজি এই যোগদান সমাৰোহত মৰিয়নিত কংগ্ৰেছৰ দখলত থকা দুখন জিলা পৰিষদ আৰু পাঁচখন পঞ্চায়তৰ প্ৰতিনিধি সকলে আনুষ্ঠানিক ভাৱে বিজেপিত যোগদান কৰে। ইয়াৰ উপৰি মৰিয়নিৰ বহুকেইগৰাকী যুৱ কংগ্ৰেছীয়েও আজি গেৰুৱা বসন পিন্ধে। উল্লেখ্য যে কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকা, শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ, যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈ, তেজপুৰৰ সাংসদ পল্লৱলোচন দাস, সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন, সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, বিজেপিৰ অসম প্ৰদেশৰ মুখপত্ৰ সুৰঞ্জন দত্ত, বিজেপি যোৰহাট জিলা সভাপতি কামাখ্যা মোহন দাসকে প্ৰমুখ্য কৰি জিলা আৰু মৰিয়নি সমষ্টিৰ  দুয়োটা ব্লকৰ নেতা আৰু কৰ্মী আজি যোগদান সমাৰোহত উবুৰি খাই পৰে।

জিলা প্ৰশাসনে ৰাজহুৱা সভা সমিতি অনুষ্ঠিত কৰাক লৈ কঠোৰ হৈছিল যদিও বিজেপিৰ এই যোগদান সমাৰোহ অনুষ্ঠিত কৰাত বিজেপি দলে বিভিন্ন জনৰ চোকা সমালোচনাৰ সন্মুখীন হোৱাৰো দেখা গৈছে । জানিব পৰা মতে জিলা প্ৰশাসনে যোগদান সমাৰোহৰ বাবে বিজেপিক লিখিত ভাৱে কোনো ধৰণৰ অনুমতি প্ৰদান কৰা নাছিল ।

P&C

You might also like