Your Voice, Our Strength

আজি নুসুধো হীৰুদা আপুনি কেনে আছে..!

প্ৰিয় কবি হীৰেন ভট্টাচাৰ্যদেৱৰ মৃত্যুতিথিত একাজলি শ্ৰদ্ধাজ্ঞলি

আজিৰ খবৰ ৪ জুলাই : আজি নুসুধো হীৰুদা আপুনি কেনে আছে..! আপোনাৰ খৱৰ সদায়েই পাওঁ  “কবিতাৰ ৰ’দৰ”  মাজেৰে, “ভালপোৱাৰ দিকচৌ বাটেৰে”, “সুগন্ধি শিপা” আৰু “শিপাৰ পৰা পাতলৈ”; আপুনি একেই আছে ..”আপোনাৰ এহাতে সামৰা শব্দবোৰ” ৰ মাজত, ঠিক “এটা দীঘল কবিতাৰ আৰম্ভ” হোৱাৰ দৰে..। বৰঞ্চ আপোনালৈ মৰম স্নেহ দুগুণ বাঢ়েহে.., আপুনি কোৱাৰ দৰেই…   “প্ৰেম নিশ্চয় এনেকুৱাই আৱৰণ খুলি হৃদয় জুৰাই..। (– লিপিকা বুঢ়াগোহাঁই)
আজি ৪জুলাই ।সুগন্ধি পখিলাৰ কবি আৰু প্ৰেম আৰু ৰ’দালিৰ কবি বুলি পৰিচিত আমাৰ অতি প্ৰিয় কবি হীৰেন ভট্টাচাৰ্যদেৱৰ মৃত্যুতিথি। আমাৰ সকলোৰে হিয়াৰ আমঠু হীৰুদাৰ এই বিশেষ দিনটোত  আমাৰ আন্তৰিক শ্ৰদ্ধাজ্ঞলি জ্ঞাপন কৰিলোঁ ।  প্রিয় কবি গৰাকীৰ সুঁৱৰি তেওঁৰ বিষয়ে কিছু কথা জানো আহকচোন….
হিৰুদাৰ জন্ম হয় ১৯৩২ চনত  যোৰহাট জিলাত । পিতৃ স্বৰ্গীয় তীৰ্থনাথ ভট্টাচাৰ্য আৰু মাতৃ স্বৰ্গীয়া স্নেহলতা ভট্টাচাৰ্য। তেখেতৰ পিতৃ এজন জেইলাৰ আছিল। পৰিয়ালৰ সৈতে অসমৰ ইমূৰৰপৰা সিমূৰলৈ ঘূৰি ফুৰিব লগা হোৱাত তেওঁৰ শিক্ষাজীৱন ডিব্ৰুগড়ৰপৰা গুৱাহাটীলৈ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ কেইবাখনো চহৰত অতিবাহিত হৈছিল। ডিব্ৰুগড়ৰ গ্ৰেহাম বজাৰ এম.ই. স্কুলত হীৰেন ভট্টাচাৰ্যৰ পঢ়াশলীয়া জীৱন আৰম্ভ হয়। পিছে তাত শিক্ষা শেষ নৌহওঁতেই দেউতাক পুনৰ বদলি হয় তেজপুৰলৈ। সেয়েহে তেওঁ শিক্ষা শেষ হয় তেজপুৰত। অকল তেজপুৰেই নহয়, মঙলদৈ, গোলাঘাট, গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন ঠাইত তেওঁ শিক্ষাগ্ৰহণ কৰিছিল। ১৯৪৫ চনত গুৱাহাটীৰ কটন কলেজিয়েট স্কুলৰপৰা তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পাছত বি. বৰুৱা কলেজত নামভৰ্তি কৰে। হীৰেন ভট্টাচাৰ্যই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ সময়তেই অসমত গণনাট্য সংঘৰ প্ৰভাৱ প্ৰতিফলিত হৈছিল। ১৯৫৪ চনৰ পৰা তেওঁ গণনাট্য সংঘৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ পৰে। গুৱাহাটী মহানগৰীৰ কাৰ্যকৰী সমিতিৰো তেওঁ এজন সদস্য হৈ পৰে। বামপন্থী ধাৰাৰ বাহক হিচাপে গণনাট্য সংঘৰ ভূমিকা আৰু কাৰ্যপ্ৰণালীয়ে সেইসময়ৰ প্ৰায় সকলো লেখক আৰু শিল্পীকে একত্ৰিত কৰিবলৈ সক্ষম হৈছিল। সেই বাতাৱৰণৰ ফলত এখন মঞ্চৰ সৃষ্টি হৈছিল। বিশিষ্ট শিল্পী হেমাংগ বিশ্বাস আছিল এইখন মঞ্চৰ অন্যতম চালিকা শক্তি। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকা, দিলীপ শৰ্মা, সুদক্ষিণা হাজৰিকা, হীৰেন চৌধুৰী, জয়ন্ত বৰুৱা আৰু হীৰেন ভট্টাচাৰ্যৰ সক্ৰিয় সহযোগে এই অনুষ্ঠানক এক নতুন গতি প্ৰদান কৰিছিল। ১৯৬২ চনত বেণু মিশ্ৰ এইখন মঞ্চৰ সদস্য হয়। অধ্যাপক অনন্ত লহকৰ, উমেশ ভট্টাচাৰ্য, চিত্ৰকৰ দিবাকৰ চৌধুৰী, বেণু মিশ্ৰ, প্ৰভাত দত্ত আৰু হীৰেন ভট্টাচাৰ্য এই আটাইকেইজন পৰস্পৰৰ প্ৰতি বিশেষভাৱে আকৃষ্ট হয় আৰু এটা Core Group হিচাপে বিবেচিত হয়। ১৯৬৪-৬৫ চনৰ ভিতৰত হীৰেন ভট্টাচাৰ্য “অসম প্ৰগতিশীল শিল্পী সাহিত্যিক সংঘ”ৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ পৰে। এই সংঘৰ প্ৰতিষ্ঠাৰ বাবে তেওঁ বৰ আন্তৰিকতাৰে কাম কৰিছিল। সংঘৰ প্ৰথমজন সভাপতি আছিল ত্ৰৈলোক্যনাথ গোস্বামী, দ্বিতীয়জন আছিল প্ৰসন্নলাল চৌধুৰী আৰু তৃতীয়জন আছিল নৱকান্ত বৰুৱা। বৰ্তমানৰ আমবাৰীত থকা অসম গণ পৰিষদৰ কাৰ্যালয়ৰে “মংগল বেৰেক” নামৰ এলানি ঘৰৰে এটা কোঠাত এই সংঘৰ কাম-কাজ চলিছিল। দুই-এজন ব্যক্তিৰ অৰ্থ-সাহায্যত ‘লুইত’ নামৰ আলোচনী এখনৰ কামো তেওঁলোকে সম্পূৰ্ণ কৰি উলিয়াইছিল। আলোচনীখন সম্পাদনা কৰিছিল কেশৱ মহন্তই। উল্লেখযোগ্য যে,এনেবোৰ সাহিত্য-সংস্কৃতি বিষয়ক কামৰ জৰিয়তে আহৰণ কৰা ৫০০০ টকাৰ এক আৰ্থিক সহায় বিষ্ণু ৰাভালৈ আগবঢ়োৱা হৈছিল। ১৯৬৪ চনত হীৰেন ভট্টাচাৰ্যদেৱ বোৰ্কালৈ যায়। কোনোবা এজনৰ পৰা লাভ কৰা খবৰ অনুসৰি, বোৰ্কা হাইস্কুলত শৰৎচন্দ্ৰ গোস্বামী আছে। গতিকে হীৰেন ভট্টাচাৰ্যৰো তাতেই শিক্ষকৰ চাকৰি এটা হ’ব। বোৰ্কাত সাংবাদিক আৰু গল্পকাৰ সদা শইকীয়াই নিজৰ কোঠালিতে তেওঁক ৰখোৱাৰ ব্যৱস্থা কৰি দিলে। তেওঁ ক’লে-” আপুনি আহিলে বৰ ভাল হ’ল। ময়ো ইয়াত বৰ অকলশৰে থাকো। ” স্কুলৰ সময়খিনি স্কুলতেই পাৰ হয়। বাকীখিনি সময়ত মানুহক লগ ধৰা, কথা-বতৰা হোৱা, সমস্যাৰ বুজ লোৱা, গাঁৱৰ শিপিনীৰ বাবে সূতা কিনা আদি অনেক কাম। কেতিয়াবা মৰ্টন এগাল কিনি গাঁৱৰ ল’ৰা-ছোৱালীৰ মাজত বিলাই দিয়ে। ইতিমধ্যেই গীতিকাৰৰূপে অলপ-অচৰপ পৰিচিত হৈ উঠা হীৰেন ভট্টাচাৰ্যক বোৰ্কাৰ মানুহে বৰ মৰম দিলে। উল্লেখযোগ্য যে, এইখিনি সময়তে তেওঁ কমিউনিজমত বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছিল। শিক্ষক হিচাপে তেওঁৰ বিশেষ দক্ষতা নথকা সত্ত্বেও ছাত্ৰ-ছাত্ৰীয়ে তেওঁক আৱৰি ধৰি বৰ আনন্দ আৰু গৌৰৱ অনুভৱ কৰিছিল। ল’ৰাবোৰ নিশ্চুপ হৈ থাকিলে হীৰেন ভট্টাচাৰ্যই কৈ উঠে-“তোমালোক ইমান মনে-মনে আছা কিয়? চিঞৰ-বাখৰ কথা। আমাৰ দিনতো আমি চিঞৰ-বাখৰ কৰিছিলোঁ। ” শ্ৰেণীকোঠাত তেতিয়া হাঁহিৰ ৰোল উঠে।
হীৰেন ভট্টাচাৰ্যদেৱে বোৰ্কাত এবছৰ শিক্ষকতা কৰিলে। পিছৰ বছৰ তেওঁ ঘৰলৈ উভতি আহিল।
বোৰ্কাৰ চাকৰি বাদ দি তেওঁ কিছুদিনৰ বাবে কাপোৰৰ দোকান এখনত ছেলছমেনৰ চাকৰিও কৰিছিল । হিৰুদাৰ সৃষ্টিত প্ৰাণ পাই উঠে
প্ৰকৃতি আৰু মানুহৰ প্ৰেম   । তেওঁ সৰু সৰু ল’ৰা-ছোৱালীৰ কাৰণে ১৯৯১ চনত ল’ৰা ধেমালি আৰু অকণ ধেমালি প্ৰকাশ কৰে। ‘চিত্ৰবন’, ‘মনন’ আৰু ‘আন্তৰিক’ নামে তিনিখন আলোচনীত তেওঁ সম্পাদনা কৰিছিল। তেখেতৰ একমাত্ৰ গীতৰ সংকলন হল তোমাৰ গান (১৯৭২)।
তেখেতে সম্পাদনা কৰা দুখন কাকতৰ নাম হ’ল চিত্ৰবন আৰু মনন।
তেওঁৰ প্ৰকাশিত কাব্য-সংকলনসমূহ হ’ল:
মোৰ দেশ মোৰ প্ৰেমৰ কবিতা
বিভিন্ন দিনৰ কবিতা
কবিতাৰ ৰ’দ
সুগন্ধি পখিলা
শইচৰ পথাৰ মানুহ
মোৰ প্ৰিয় বৰ্ণমালা
ভালপোৱাৰ বোকা-মাটি
ভালপোৱাৰ দিক্‌চৌ বাটেৰে
বাচকবনীয়া কবিতা
সুগন্ধি শিপা
শিপাৰ পৰা পাতলৈ
কেইটামান গান
জোনাকী মন ও অন্যান্য (বঙালী)
শস্যেৰ মাঠ ও অন্যান্য (বঙালী)
শিশুৰ বাবে ৰচনা কৰা সংকলনসমূহ হ’ল:
ল’ৰা ধেমালি
আকৌ ধেমালি
ৰৈ ৰৈ ধেমালি।
বৰেণ্য কবি গৰাকীক সাহিত্য কৰ্মৰ ওপৰত শ্ৰদ্ধা জনাই এই  বঁটাসমূহৰে সন্মান  জনোৱা হৈছিল..
১৯৯২ চনত সাহিত্য অকাডেমি বঁটা
অসম উপত্যকা সাহিত্য বঁটা (২০০০), ১৯৭৬-‘বিভিন্ন দিনৰ কবিতা’ গ্ৰন্থৰ বাবে অসম সাহিত্য সভাৰ ৰঘুনাথ চৌধাৰী বঁটা। ১৯৮৫- ‘সুগন্ধি পখিলা’ গ্ৰন্থৰ বাবে অসম সাহিত্য সভাৰ বিষ্ণু ৰাভা বঁটা, ভাৰতীয় বিদ্যা ভৱনৰ বালাজী সাহিত্য বঁটা। ১৯৮৭- ‘সুগন্ধি পখিলা’ গ্ৰন্থৰ বাবে চোভিয়েট দেশ নেহেৰু বটাঁ।
১৯৯২- ‘শইচৰ পথাৰ মানুহ’ গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা, উত্তৰ প্ৰদেশ হিন্দী সংস্থাৰ ‘সৌহাদ্য সন্মান’। ১৯৯৩- ‘শইচৰ পথাৰ মানুহ’ গ্ৰন্থৰ বাবে ভাৰতীয় ভাষা পৰিষদৰ ‘বজালিনী বঁটা’।
২০০০- উইলিয়ামছন মেগৰ শৈক্ষিক ন্যাসৰ ‘অসম উপত্যকা সাহিত্য বঁটা’। ২০০৯- অসম চৰকাৰৰ গণেশ গগৈ বঁটা। ২০১২- মুম্বাইৰ ৰামনাথ ভট্টাচাৰ্য ফাউণ্ডেচনৰ পদ্মনাথ বিদ্যাবিনোদ স্মৃতি সাহিত্য পুৰস্কাৰ বঁটাৰে বিভূষিত হিৰু দা আজিৰ দিনটোতেই অৰ্থাৎ ২০১২ চনৰ চাৰি জুলাই তাৰিখে গুৱাহাটীৰ দিশপুৰ চিকিৎসালয়ত অন্তিম নিশ্বাস ত্যাগ কৰিছিল।
(তুমিটো জানাই এই কবিৰ আৰু একো নাই |
এটাই মাথোঁ কামিজ
তাৰো ছিগো-ছিগো চিলাই |
প্ৰেম নিশ্চয় এনেকুৱাই
আৱৰণ খুলি হৃদয় জুৰাই। ))

……হীৰুদা

P&C

You might also like