Your Voice, Our Strength

আৰক্ষীক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ “তয়ো খা, মইও খাও” এইবাৰৰ পৰা এইবোৰ নচলিব।

উদ্ধাৰ কৰা সোণ দুভাগ কৰা অ'চিৰ কাম নহয়৷

আজিৰ খবৰ, ৫ জুলাই : আৰক্ষীৰ ইতিহাসত প্ৰথমবাৰৰ বাবে আৰক্ষীৰ ওপৰত কঠোৰ হৈছে মুখ্যমন্ত্রী । আৰক্ষী সেৱাৰ মানদণ্ড উন্নত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ বিভিন্ন থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সৈতে কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ সৈতে এক বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰপ্ৰাপ্ত বিষয়াসকলক কেইবাটাও নিৰ্দেশ দিয়াৰ লগতে ৰাজ্যখনত চলি থকা ড্ৰাগছ বিৰোধী অভিযান, ধৰ্ষণ-হত্যাৰ ঘটনা বৃদ্ধি আৰু আইন-শৃংখলা পৰিস্থিতিৰ লগতে ক’ভিডসৃষ্ট পৰিস্থিতিত গ্ৰহণ কৰিবলগীয়া ভূমিকাৰ বিষয়েও পৰ্যালোচনা কৰে ।

P&C

উল্লেখ্য একাংশ আৰক্ষীৰ কৰ্মকাণ্ডই ৰাজ্যৰ গৃহ বিভাগটোৰ ফোফুলা স্বৰূপ উদঙাই দিয়াৰ সময়তে আৰক্ষীক লৈ কঠোৰ হৈ পৰে মুখ্যমন্ত্ৰী । মুখ্যমন্ত্ৰীয়ে আৰক্ষী সকলক নিৰ্দেক দি কয় য’ত আৰক্ষী থাকিব তাত কোনো অপৰাধ থাকিব নোৱাৰিব । দুবছৰৰ মূৰে মূৰে অ’চি সকলক বদলি কৰা হ’ব।গাড়ী ধৰি দুয়োটা পাৰ্টি মিলি তয়ো খা মইও খা এইবোৰ নচলিব। খানাত কি কি সামগ্ৰী আছে আছে সকলো ৰেজিষ্টাৰ হব লাগিব।আধা খাই দিলে নহব৷ উদ্ধাৰ কৰা সোণ দুভাগ কৰা অ’চিৰ কাম নহয়৷ ধৰ্ষণ গোচৰৰ চাৰ্জচীট শীঘ্ৰে দাখিল কৰিব লাগিব। গৰু চোৰ দেখিলেই খেদি খেদি পিটন দিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ । জুৱা খেল আৰক্ষীৰ অনুমতি অবিহনে নচলে। আৰক্ষীয়ে উংকোচ লোৱা ,গৰু চোৰাং বেহা বন্ধ কৰিবলৈ নিৰ্দেশ। অ চি বদলিকৰণত মুখ্যমন্ত্ৰীৰ কোনো নিয়ন্ত্ৰণ নাথাকে বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে ।

You might also like