Your Voice, Our Strength

বৃক্কৰ জটিল ৰোগত আক্ৰান্ত কলিয়াবৰৰ এজন কনমানি ছাত্ৰ

আপোনালোকৰ অকনমান সহায়েই হ'ব পূৰ্ণ বাহাদুৰ সুস্থ হোৱাৰ আৰ্শীবাদ

আজিৰ খবৰ, কলিয়াবৰ, ৫ জুলাই :- বৃক্কৰ জটিল ৰোগত আক্ৰান্ত কলিয়াবৰৰ এজন কনমানি ছাত্ৰ। কলিয়াবৰৰ ফুলগুৰি চাঙৰ নৱম শ্ৰেণীৰ ছাত্ৰ পূৰ্ণ বাহাদুৰ ছেত্ৰী বিগত চাৰিমাহে বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ বিচনাতে দিন পাৰ কৰিব লগা হৈছে। ফলত চকুপানীৰে বাট নেদেখা হৈছে অসহায় পিতৃ-মাতৃয়ে।

P&C

দিন হাজিৰা কৰা পিতৃয়ে প্ৰথমে জখলাাবন্ধা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰিছিল যদিও চিকিৎসকে এটা মাহৰ পূৰ্বেই তেজপুৰ মেডিকেল কলেজ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছিল ছাত্ৰজনক।কিন্তু অৰ্থৰ অভাৱত বিগত এটা মাহে বিচনাতে পৰি থকা পিছত স্থানীয় লোকসকলে কিঞ্চিৎ সহায় আগবঢ়াই ছাত্ৰজনক তেজপুৰ মেডিকেল কলেজ চিকিৎসালয়ত ভৰ্তি কৰে। বৰ্তমান ছাত্ৰজনৰ চিকিৎসাৰ বাবে প্ৰয়োজন হৈছে যথেষ্ট পৰিমানৰ অৰ্থৰ। দিন হাজিৰা কৰা পিতৃ-মাতৃয়ে অসমবাসীৰ পৰা বিচাৰিছে সহায়ৰ হাত। হৃদয়বান ব্যক্তিসকলে মাতৃ টিয়ামায় ছেত্ৰীৰ Account no 35286607496 IFC code SBIN0004273 নম্বৰৰ সহায় কৰিব পাৰে বা 8135946447 নম্বৰত কল কৰিব পাৰে। আপোনালোকৰ অকনমান সহায়েই হ’ব পূৰ্ণ বাহাদুৰ সুস্থ হোৱাৰ আৰ্শীবাদ।

You might also like