Your Voice, Our Strength

এখন ভ্ৰাম্যমান দোকান আৰু এজন বিশেষ ভাবে সক্ষম ব্যক্তি।

পেটৰ তাড়নাত চাইকেলখনতে সাঁজি লৈছে এখন ভ্ৰাম্যমান দোকান।

আজিৰ খবৰ, কলিয়াবৰ, ৫ জুলাই :- এখন ভ্ৰাম্যমান দোকান আৰু এজন বিশেষ ভাবে সক্ষম ব্যক্তি। নাম ৰাজেশ ছেত্ৰী।পেটৰ তাড়নাত চাইকেলখনতে সাঁজি লৈছে এখন ভ্ৰাম্যমান দোকান। চিপচ, গুখটাৰ পেকেট কেইটা বিক্ৰী কৰি যি উপাৰ্জন হয় তাৰেই পৰিয়াল পোহপাল দিয়ে জখলাবন্ধাৰ বিশেষ ভাৱে সক্ষম যুৱকজনে।

P&C

সদা ব্যস্ত জখলাবন্ধা চহৰৰ এখন চিনাকী ছৱি। বিশেষ ভাবে সক্ষম ব্যক্তিৰ চাইকেলখনতে এখন ভ্ৰাম্যমান দোকান সাজি জখলাাবন্ধাৰ চুকে কোনে ঘূৰি ফুৰে ৰাজেশ ছেত্ৰী। লক্ষ্য এটা দোকানখনত ওলোমাই ৰখা বস্তু কেইপদ সোনকালেই বিক্ৰী কৰিব লাগে তেওঁ। কিয়নো তাৰে পোৱা দুপইচাৰে তেতিয়াহে বৃদ্ধ মাতৃৰ আখলত জুই জলে। পুৱাই ওলাই অহা সকলোৰে অতি চিনাকী ৰাজেশৰ দোকানলৈ কনমানি এটাও দৌৰি আহি চিপচ এপেকেট কিনে।২০১৮ চনত নিয়তিৰ নিৰ্দয় আঁচোৰত ৰাজেশৰ জীৱনলৈ নামি আহিল ঘোৰ অমানিশা। ইয়াৰ আগেয়ে ৰাজেশ আছিল সুন্দৰ সুঠাম যুৱক। চেন্নাইত কৰ্মৰত ৰাাজেশ ঘৰলৈ আহিছিল ছুটীত। কিন্তু ২০১৮ চনৰ ২৭ ফেব্ৰুৱাৰীত গুৱাহাটীৰ পৰা শিলঘাটলৈ অহা ৰেলৰ দুৰ্ঘটনাত শৰীৰৰ তলৰ অংশত আঘাটপ্ৰাপ্ত হয় ৰাজেশ। ইয়াৰ পিছত বহু কষ্ট মূৰত গুৱাহাটী মেডিকেল কলেজত চিকিৎসা কৰি সুস্থ হৈ ঘৰলৈ উভতে ৰাজেশ। কিন্তু দুয়োখন ভৰি হেৰুৱাই ৰাজেশে। তথাপিও ভাগৰি নপৰিল সুঠাম যুৱকজন। চৰকাৰৰ পৰা লাভ কৰা বিশেষ ভাবে সক্ষম লোকৰ চাইকেলখনতে গঢ়ি তুলিলে এখন ভ্ৰাম্যমান দোকান আৰু এতিয়া দোকানখনৰে পোহপাল দি আছে পৰিয়ালটো।নতুন চৰকাৰ খনলৈ অনুৰোধ চৰকাৰে দোকানখন চলাই নিয়াত আৰ্থিক ভাবে সহায় কৰিব।

You might also like