![](https://azirkhobor.com/wp-content/uploads/2021/07/IMG-20210705-WA0046-750x430.jpg)
হোৱাটচএপ নম্বৰত দিয়ক দুৰ্নীতিৰ বিৰুদ্ধে অভিযোগ
যিকোনো ধৰণৰ দুৰ্নীতিৰ বাবে হোৱাটচএপ নম্বৰ মুকলি
আজিৰ খবৰ , ৫ জুলাই: যিকোনো ধৰণৰ দুৰ্নীতিৰ বিৰুদ্ধে পোনপটীয়াকৈ হোৱাটচএপৰ জৰিয়তে মন্ত্ৰীক দিব পাৰিব অভিযোগ ।ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, পাৰ্বত্য উন্নয়ন বিভাগৰ মন্ত্ৰী যোগেন মহনে ৰাইজক সহায়ৰ অৰ্থে এক বিশেষ পদক্ষেপ লৈছে।এতিয়াৰে পৰা সাধাৰণ জনতাই তেওঁৰ বিভাগত হৈ থকা যিকোনো ধৰণৰ দুৰ্নীতিৰ বিৰুদ্ধে পোনপটীয়াকৈ হোৱাটচএপৰ জৰিয়তে মন্ত্ৰীগৰাকীক জনাব পৰাকৈ হোৱাটচএপ নম্বৰ মুকলি কৰিছে । ছ’চিয়েল মিডিয়াৰ জৰিয়তে, +৯১৯৩৯৪৯৩৯০৫৫ নম্বৰত হোৱাটচএপ কৰি দুৰ্নীতিৰ যিকোনো অভিযোগ তথা পৰামৰ্শ দিবলৈ মন্ত্ৰীগৰাকীয়ে ৰাইজক আহ্বান জনায়। অভিযোগৰ ভিত্তিত প্ৰতিটো মেছেজ পোনপটীয়াকৈ মন্ত্ৰীয়ে নিজেই নিৰীক্ষণ কৰিব বুলি জানিবলৈ দিছে মন্ত্ৰী গৰাকীয়ে ।
![P&C](https://azirkhobor.com/wp-content/uploads/2021/09/Programme-2022.jpg)