Your Voice, Our Strength

মেলামাটিত অংগনবাড়ী কৰ্মী,আশাকৰ্মীৰ মাজত মাস্ক-ছেনিটাইজাৰ বিতৰণ

আজিৰ খবৰ, মেলামাটিৰ ৬ জুলাইঃ তিতাবৰ মহকুমাৰ ৮৪ নং মেলামাটি গাঁও পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন এলেকাত ক’ভিড -১৯ ৰ সংক্ৰমণ এতিয়াও কমা নাই। ইয়াৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোত ক’ৰনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা হ্ৰাস কৰাৰ প্ৰয়াসেৰে মেলামাটি গাঁও পঞ্চায়তৰ তৰফৰ পৰা পঞ্চায়তৰ কাৰ্যালয়ত গাঁও পঞ্চায়তখনৰ সভানেএী সংগীতা শইকীয়াৰ লগতে ৱাৰ্ড সদস্য-সদ্যসা সকলৰ সহযোগত মেলামাটি গাঁও পঞ্চায়তৰ এলেকাধীন অংগন বাদী কৰ্মী,আশাকৰ্মী, স্থানীয় চৰকাৰী গাঁও বুঢ়া সকলৰ মাজত মাস্ক-ছেনিটাইজাৰ বিতৰণ কৰা হয়। ইফালে চৰকাৰী গাঁও বুঢ়া,অংগনবাদী কৰ্মী,আশাকৰ্মী সকলক মাস্ক-ছেনিটাইজাৰ বিতৰন কৰা এই কাৰ্যসূচী পৰা ক’ভিডৰ ভয়াবহ পৰিস্থিতি সময়তো অঞ্চলটোত ৰ’দ-বৰষুণ নেওচি বাতৰি সংগ্ৰহ কৰিফুৰা বিভিন্ন কাকতৰ সংবাদকৰ্মী সকলক পঞ্চায়ত প্ৰতিনিধি সকলে মাস্ক-ছেনিটাইজাৰ বিতৰনৰ পৰা কিয় বাদ পেলালে ইয়াকে লৈ সচেতন মহলৰ মাজত চৰ্চিত হৈছে।

You might also like