Your Voice, Our Strength

পশু – পালনত ৫ হাজাৰ পদত শীঘ্ৰে হ’ব নিযুক্তি

আজিৰ খবৰ,৬ জুলাই : পশু – পালন বিভাগত খালী হৈ থকা ৫ হাজাৰৰ অধিক পদত শীঘ্ৰে নিযুক্তি প্রদান কৰা হ’ব বুলি ঘোষণা কৰে ৰাজ্যৰ কৃষিমন্ত্রী অতুল বৰাৰই । উল্লেখ্য যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ইতিমধ্যে ৰাজ্যত ১ লাখ নিবনুৱা যুৱক–যুৱতীক শীঘ্রে নিযুক্তি দিয়া হ’ব বুলি ঘোষণা কৰিছে৷ তাৰ মাজত কৃষি, পশুপালন বিভাগৰ আৰু পশু চিকিৎসকৰ খালী পদসমূহো পূৰণ কৰাৰ লগতে ৰাজ্য চৰকাৰে চিনাক্ত কৰা কৃষকৰ পি এম কিষাণ আঁচনিকে ধৰি বিভিন্ন কেন্দ্রীয় আঁচনিৰ সুবিধাও নিবনুৱা সকলে লাভ কৰিব বুলি এক পর্যালোচনা বৈঠকত মন্তব্য আগৱবঢ়াই মন্ত্ৰী অতুল বৰাই । মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আগবঢ়োৱা পৰামর্শৰ ভিত্তিত কৃষি বিভাগ আৰু পশুপালন বিভাগৰ অধীনত ৰাজ্যখনৰ নিবনুৱা যুৱক–যুৱতীসকলৰ্ স্বনিয়োজনৰ বাবে আঁচনি যুগুত কৰা হৈছে৷ আনহাতে পি এম কিষাণ আঁচনিৰ প্রসংগত মন্ত্রী বৰাই পুনৰ কয় যে অসমৰ বহু প্রকৃত কৃষকৰ মাটি বছৰ বছৰ ধৰি তেওঁলোকৰ পিতৃৰ নামতেই আছে, নিজৰ নামলৈ সলনি হোৱা নাই৷ তেনে বহু কৃষকৰ নাম পি এম কিষাণ আঁচনিৰ তালিকাৰ পৰা বাদ পৰিছে৷ এই প্রেক্ষাপটত অসম চৰকাৰে চিনাক্ত কৰা আমাৰ কৃষকে কেন্দ্রীয় আঁচনিৰ সুবিধা লাভ কৰিলে আমাৰ বহুতো প্রকৃত কৃষক উপকৃত হ’ব বুলি উল্লেখ কৰে মন্ত্ৰী অতুল বৰাই ।

P&C
You might also like