Your Voice, Our Strength

মোডীৰ মন্ত্ৰী সভাত প্ৰাক্তন মুখ্যমন্ত্ৰী ।

কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

আজিৰ খবৰ,৭ জুলাই : অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল এইবাৰ মোদী মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ’ল । কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

আজি সম্প্ৰসাৰণ হয় মোদীৰ মন্ত্ৰীসভা।ৰাষ্ট্রপতি ভৱনত সন্ধিয়া ৬ বজাত অনুষ্ঠিত হয় শপতগ্ৰহণ অনুষ্ঠান । মোদীৰ মন্ত্ৰীসভাত স্থান লাভ কৰিছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অৱশ্যে এতিয়াও নিশ্চিত হোৱা নাই সৰ্বানন্দ সোণোৱালৰ দপ্তৰ৷ উল্লেখযোগ্য যে,মোদীৰ মন্ত্ৰীসভাৰ শপতগ্ৰহণ ১২০জন লোকৰ উপস্থিৰ অনুষ্ঠানত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। আজি দিল্লীৰ ভ্ৰমণসূচীৰ বাবে ছাত্ৰ সংগঠনৰ সৈতে থকা বৈঠক বাতিল কৰিছে শৰ্মাই।

P&C

You might also like