Your Voice, Our Strength

কেনেকৈ লাভ কৰিব শ্ৰেষ্ঠ কৰ্মচাৰী পুৰস্কাৰ ?

দেশভক্ত দিৱস আৰু কৰ্মচাৰী দিৱস পালনৰ সিদ্ধান্ত আৰু কি সিদ্ধান্ত ললে কেবিনেট বৈঠকত ?

আজিৰ খবৰ,৭ জুলাই : এইবাৰৰ পৰা ‘‘২৮ জুলাইৰ দিনটো দেশভক্ত দিৱস আৰু ৫ আগষ্টত কৰ্মচাৰী দিৱস হিচাপে পালন কৰা হ’ব । ২৮ জুলাইৰ দিনটো দেশভক্ত তৰুণ ৰাম ফুকনৰ মৃত্যু তিথি। এই দিনটো দেশভক্ত দিৱস হিচাপে ৫ আগষ্টত গোপীনাথ বৰদলৈৰ মৃত্যু দিৱসৰ দিনটো কৰ্মচাৰী দিৱস হিচাপে পালন কৰা হ’ব। এই দিৱসত জিলাভিত্তিক ৫জন শ্ৰেষ্ঠ কৰ্মচাৰীক পুৰস্কাৰ দিয়া হ’ব। ৰাজ্যিক হিচাপে ১০জনক দিয়া হ’ব শ্ৰেষ্ঠ পুৰস্কাৰ। আজি অনুষ্ঠিত কেবিনেট বৈঠকৰ পিছতে এক সংবাদ মেলৰ আয়োজন কৰি এইদৰে ক’লে মন্ত্ৰী পীযুষ হাজৰিকাই। চৰকাৰী অনুষ্ঠান ব্যৱহাৰ হ’ব হাতেৰে বোৱা থলুৱা গামোচা। লগতে চাহৰ সৈতে থাকিব লাৰু–পিঠা । আত্মসহায়ক গোটক লাভাম্বিত কৰাৰ উদ্দেশ্যে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে। কেবিনেট বৈঠকত টেট শিক্ষক সন্দৰ্ভতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। জীৱনজোৰা হ’ব টেট শিক্ষকৰ প্ৰমাণ পত্ৰৰ ম্যাদ। অৱশ্যে চাকৰিৰ নিযুক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব বয়সৰ ঊৰ্ধ্বসীমা। আজিৰ কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ গ্ৰহণ কৰাৰ কথা সদৰি কথা সংবাদমেলত সদৰি কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।

P&C
You might also like