Your Voice, Our Strength

এক চাঞ্চল্যৰ খবৰ

মহানগৰীত ধন দাবীৰে অপহৰণ চেষ্টা দুৰ্বৃত্তৰ

আজিৰ খবৰ,৭ জুলাই : মুখ্যমন্ত্ৰীয়ে আৰক্ষীক কঠোৰ নিৰ্দেশ দিয়াৰ সময়তে মহানগৰীত সংঘটিত হৈছেএক চাঞ্চল্য ঘটনা । এজন ব্যৱসায়িক ধন দাবিৰে অপহৰণ চেষ্টা চলাইছে দুৰ্বৃত্তই । মহানগৰীৰ বিজি য়ার্ডত সংঘটিত হৈছে এই ঘ্টনা। দেওবাৰে নিশা মঠঘৰীয়াৰ দীপক দাস নামৰ ব্যৱসায়ীজন জনক ধন দাবী আৰু অপহৰণৰ চেষ্টা চলাইছিল দুৰ্বৃত্তই । অভিযোগ অনুসৰি ব্যৱসায়ী দীপক নিজ কাৰ্য্যালয়ত দেওবাৰে নিশা ভাত খাই থকা অৱস্থাতে ইছলাম আলী আৰু গণেশ ৰাজবংশী নামৰ দুজন লোকৰ নেতৃত্বত অহা এটা দুৰ্বৃত্তৰ দলে ধন দাবী , মাৰপিত কৰি অপহৰণৰ চেষ্টা কৰে ব্যৱসায়ী দীপক দাসক। ভাগ্য ক্ৰমে দুৰ্বৃত্তৰ কবলৰ পৰা স্থানীয় ৰাইজৰ তৎপৰতা ত কোনো মতে ৰক্ষা পৰে ব্যৱসায়ী ব্যৱসায়ী দীপক দাস ।উল্লেখ্য যে দীৰ্ঘদিন ধৰি ইছলাম আলিৰ নেতৃত্বত একাংশই বিজি য়ার্ডত চেণ্ডিকেট চলোৱাৰ। অভিযোগ উঠিছে । ইছলাম বাহিনীৰ বিৰুদ্ধে চান্দমাৰি, নুনমাটি আৰু বি জি য়াৰ্ড থানাত আছে অপৰাধ জনীত ঘটনাৰ গোচৰ। জানিব পৰা মতে ব্যৱসায়ী দীপক দাসে এটা চিমেণ্ট কোম্পানীৰ ঠিকা লাভ কৰি বি জি ইয়াৰ্ডৰ পৰা চিমেণ্ট সৰবৰাহৰ কাম কৰি আহিছে। এই ঠিকাৰ বাবে ইছলাম বাহিনীয়ে ব্যৱসায়ী দীপক দাসক গুণ্ডা টেক্স বিচাৰি আছিল। ইতিমধ্যে ইছলাম বাহিনীৰ বিৰুদ্ধে নুনমাটি আৰক্ষী থানাত ভুক্তভোগী ব্যৱসায়ী জনে ধন দাবী আৰু অপহৰণৰ গোচৰ দাখিল কৰিছে । নুনমাটি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত।

P&C
You might also like