Your Voice, Our Strength

পুতেক জেলত। বৃদ্ধাৱস্থাৰ বাবে এইবাৰ পথাৰত হাল বাব নোৱাৰিলে দেউতাকে । পুতেকলৈ লিখিলে চিঠি , তাৰপাছত…

“বাপু ❗মোৰ বৃদ্ধাৱস্থাৰ বাবে এইবাৰ পথাৰত হাল বাব নোৱাৰিলো; যাৰফলত খেতি কৰা নহ’ল❗ মই নিশ্চিত যে তুমি ঘৰত থকা হ’লে এই দুৰ্যোগ কেতিয়াও নহ’লহেঁতেন ‼️” এজন বৃদ্ধ কৃষকে কাৰাগাৰত থকা তেওঁৰ একমাত্ৰ পুতেকলৈ এইদৰে এখন চিঠি লিখিলে;——–_

দেউতাকৰ চিঠি পঢ়ি কাৰাগাৰত দিন কটাবলগা হোৱা পুতেকৰ মুখত এটা কুটিল হাঁহি বিৰিঙি গ’ল❗ কাৰাগাৰৰ পৰাই পুতেকে বৃদ্ধ পিতৃলৈ উত্তৰ দিলে;—–_

P&C

“দেউতা ,পত্ৰে সেৱা ল’ব ❗ আপোনাৰ চিঠিখন পাই দুখ লাগিল যদিও গোপনে এটা কথা কওঁ; আপুনি পথাৰত হাল বোৱাৰ কথা ভুলতো মনলৈ নানিব ❗ কিয়নো, মই চ‌ুৰ কৰি ঘটা টকাবোৰ আমাৰ সেই পথাৰখনতে পুতি থৈছো

কাৰাগাৰ কৰ্তৃপক্ষৰ জৰিয়তেই প্ৰেৰণ কৰা পুতেকৰ সেই চিঠিখন কাৰাগাৰ অধীক্ষক আৰু আৰক্ষীয়ে পঢ়ি পিছদিনা পুৱাই দল-বলসহ নিৰ্দিষ্ট পথাৰখনত হাজিৰ হ’ল আৰু টকাৰ সন্ধানত গোটেই পথাৰখন ট্ৰেক্টৰেৰে হাল বাই তহিলং কৰিলে যদিও পুতেকে লুকুৱাই থোৱা বুলি কোৱা টকাৰ ফুটাকড়ি এটাও উদ্ধাৰ কৰিব নোৱাৰিলে ❗_

_ইয়াৰ পিছদিনাই পুতেকে বাপেকলৈ বুলি আন এখন চিঠি লিখিলে;——-_

“দেউতা ❗ মই ইয়াৰ পৰাই আপোনাক যি সহায় কৰিব লাগে, কৰিলো ❗ এতিয়া আপোনাৰ যি শইচ সিঁচিবলৈ ইচ্ছা হয়, সিঁচি লওক ‼️”

_পুতেকৰ চিঠি পাই বাপেকে অট্টহাস্য কৰিলে আৰু প্ৰত্যুত্তৰত পুতেকলৈ লিখিলে;———_

 

“বাপু ❗কোনো সন্দেহ নাই যে বৌদ্ধিক আৰু মানসিকভাৱে তুমি যথেষ্ট শক্তিশালী ❗ কাৰাগাৰত থাকিয়েই আমাৰ পথাৰখনত হাল বাবলৈ তুমি পুলিচক বাধ্য কৰোৱা দেখি তবধ মানিছো ❗ মই দেখি আচৰিত হ’লো যে আনকি হালবোৱা ট্ৰেক্টৰ দুখন লৈ আমাৰ পথাৰত হাজিৰ হোৱা আৰক্ষী দলটোৰ লগত এজন আই জি পিও আহি গোটেই পথাৰখন হাল বোৱাত নিজেই নামি পৰিছিল ❗শইচ সিঁচাৰ পিছত তোমাক পুনৰ জনাম, বাৰু ❗ কুশলে থাকা ❗ ইতি;———- তোমাৰ দেউতাৰা

You might also like