Your Voice, Our Strength

এতিয়াৰে পৰা নিয়োগ বিনিময় কেন্দ্ৰলৈ নোযোৱাকৈ অনলাইন যোগে কৰিব পাৰিব পঞ্জীয়ন । পঢ়ক আৰু আছে বহু কেইটা কেবিনেটৰ সিদ্ধান্ত….

বুধবাৰে অনুষ্ঠিত কেবিনেট বৈঠকৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

আজিৰ খবৰ,৭ জুলাই : বুধবাৰে অনুষ্ঠিত কেবিনেট বৈঠকৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত । কি কি সিদ্ধান্ত ল’লে সংবাদ মেলযোগে সদৰি কৰিলে অসম চৰকাৰৰ মুখপাত্ৰ, কেবিনেট মন্ত্ৰী পীযুষ হাজৰীকাই ।

কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ –

 

P&C

👉এতিয়াৰে পৰা নিয়োগ বিনিময় কেন্দ্ৰলৈ (Employment Exchange) নোযোৱাকৈ অনলাইন যোগে কৰিব পাৰিব পঞ্জীয়ন ।

 

👉এতিয়াৰে পৰা ষষ্ঠ অনুসূচীৰ অঞ্চলবোৰৰ বাহিৰে, জলসিঞ্চন বিভাগৰ চিভিল,ইলেক্ট্রিকেল আৰু মেকানিকেল বিভাগক একেলগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু ডিভিজন সমূহ সমষ্টিকেন্দ্ৰিক হব। ইয়াৰ দ্বাৰা প্ৰজেক্ট সমূহ সোনকালে সম্পূৰ্ণ কৰি কৃষক সকলক উপকৃত কৰিব পৰা যাব।

 

👉 অসমৰ গাঁওবুঢ়া সকলক গাঁওপ্ৰধান হিচাপে নামাকৰণ । গাঁওপ্ৰধান সকলে ৩০ বছৰৰ পৰা সৰ্বোচ্চ ৬৫ বছৰ বয়স পৰ্যন্ত এই পদত কাম কৰি থাকিব পাৰিব।

 

👉 একচনীয়া অথবা চৰকাৰী আবন্টন যোগ্য ভূমিত বসবাস কৰা ভূমিহীন খিলঞ্জীয়া লোকসকলৰ ক্ষেত্ৰত ধুমুহা, বানপানী আদি প্ৰাকৃতিক দুৰ্যোগত তেওঁলোকৰ বাসগৃহ ক্ষতিগ্ৰস্ত হ’লে চৰকাৰীভাৱে পুনৰ সংস্থাপনৰ বাবে তেওঁলোকে সাহাৰ্য লাভ কৰিব | কিন্তু ইয়াৰ বাবে সেই লোক সকল প্ৰকৃত হিতাধিকাৰী নে স্বভাৱগত বেদখলকাৰী তাৰ পৰীক্ষা কৰা হব।

 

👉 ছিপাঝাৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শ মতে বিধায়ক পদ্ম হাজৰিকা দেৱৰ নেতৃত্বত কৃষি কাৰ্য কৰিবলৈ লোৱা ৭৭ হাজাৰ বিঘা ভূমিৰ কাষতে অৱস্থিত ঢলপুৰ শিৱ মন্দিৰক পৰ্যটন স্থলীলৈ পৰ্যবেক্ষিত কৰি ইয়াৰ গুৰুত্বপূৰ্ণ চিত্ৰ আৰু ভাস্কৰ্য সংৰক্ষণ কৰাৰ বাবে মন্দিৰ কৰ্তৃপক্ষক ১৮০ বিঘা ভূমি প্ৰদানৰ সিদ্ধান্ত লোৱা হয়।

👉 ৰাজ্যৰ সীমামূৰীয়া অঞ্চল সমূহত অন্য ৰাজ্যৰ দুষ্কৃতিকাৰীয়ে সংঘটিত কৰা অপ্ৰীতিকৰ ঘটনাৰ পাছত দুষ্কৃতিকাৰীয়ে অসমৰ বিষয়া-কৰ্মচাৰী সকলৰ বিৰুদ্ধে নিজৰ ৰাজ্যত মোকর্দমা কৰিলে অসমৰ বিষয়া কৰ্মচাৰীসকলৰ ন্যায়ালয় সংক্ৰান্তীয় সমূহ খৰছ অসম চৰকাৰে বহন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় |

 

👉 ২০০৩ চনত কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি জিলা কেইখন সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত হোৱাৰ আগৰপৰা জিলাকেইখনৰ ট্ৰাইবেল বেল্টত বসবাস কৰা গোৰ্খাসকলক Protected Class হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে | শদিয়া ট্ৰাইবেল বেল্টত স্থায়ীভাৱে বসবাস কৰা মৰাণ, মটক, আহোম, চুটীয়া আৰু গোৰ্খা সম্প্ৰদায়ক List of Protected Classes of persons ত অন্তৰ্ভুক্ত কৰাৰ বাবে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে |

 

👉এক গুৰুত্বপূৰ্ণ প্ৰশাসনিক সংস্কাৰ হিচাপে পেন্সন আৰু ৰাজহুৱা অভিযোগ বিভাগ (Department of Pension and Public Grievances) আৰু প্ৰশাসনিক সংস্কাৰ আৰু প্ৰশিক্ষণ বিভাগ (Department of Administrative Reforms and Training)ক একেলগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

 

👉 আসন্ন বিধানসভা অধিবেশনত শ্ৰীশ্ৰী অনিৰুদ্ধ দেৱ ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপনৰ বিধি উপস্থাপন কৰিবলৈ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে |

👉 অসম গো-সুৰক্ষা আইন অতিশীঘ্ৰে প্ৰণয়নৰ বাবে বিধেয়কখন বিধানসভাত উপস্থাপনৰ সিদ্ধান্ত

You might also like