
মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা : বাতিল হ’ল ৫ নং দফা
কেইবাটাও ছাত্ৰ সংগঠনৰ সৈতে হোৱা আলোচনাৰ অন্তত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ঘোষণা।
আজিৰ খবৰ,গুৱাহাটী, ৮ জুলাই : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ মূল্যায়নৰ ফৰ্মূলাৰ ৫ নং দফা বাতিল কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৰ উপস্থিতিত সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ সৈতে হোৱা এক আলোচনাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। সিদ্ধান্ত অনুসৰি এইবৰ্ষত মেট্ৰিক, উচ্চতৰ মাধ্যমিক উত্তীৰ্ণৰ প্ৰমাণপত্ৰখন নামভৰ্তিৰ লগতে শিক্ষকৰ চাকৰিৰ বাদে আন বিভিন্ন চৰকাৰী চাকৰিত প্ৰযোজ্য হ’ব। অৱশ্যে শিক্ষকৰ চাকৰিৰ ক্ষেত্ৰত য’ত মেট্ৰিক, উচ্চতৰ মাধ্যমিকৰ নম্বৰ গ্ৰাহ্য কৰা হয়, সেই সম্পৰ্কে চৰকাৰে পৰৱৰ্তী সময়ত সিদ্ধান্ত ল’ব। ষ্টেণ্ড নাথাকে কিন্তু ষ্টাৰ আৰু ডিষ্টিংচন থাকিব।
