Your Voice, Our Strength

কভিড পৰিস্থিতিৰ বুজ লবলৈ সৰুপথাৰত উপস্থিত হল মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰী।

ধনশিৰি প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ উপস্থিতিত স্বাস্থ্য বিষয়াসকলৰ লগত কভিড পৰিস্থিতি সন্দৰ্ভত এখনি বৈঠকত মিলিত হয়

আজিৰ খবৰ, সৰুপথাৰ, ৯ জুলাই: ধনশিৰি মহকুমাৰ সৰুপথাৰত আজি বিয়লি উদ্যোগ বাৰ্ণিজ্য আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী উপস্থিত হয়। সৰুপথাৰৰ পদুমণিস্থিত দক্ষিণ উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত ধনশিৰি প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ উপস্থিতিত স্বাস্থ্য বিষয়াসকলৰ লগত কভিড পৰিস্থিতি সন্দৰ্ভত এখনি বৈঠকত মিলিত হয়। উক্ত সভাত মন্ত্ৰী গৰাকীৰ লগতে সমষ্টিটোৰ বিধায়ক বিশ্বজিৎ ফুকন, জিলা উপায়ুক্ত, মহকুমা আৰক্ষী বিষয়াৰ লগতে মহকুমাটোৰ স্বাস্থ্য বিষয়া আৰু প্ৰশাসনৰ লোকসকল উপস্থিত থাকে। সভাত সৰুপথাৰ অঞ্চলত কভিডক ৰোধ কৰাৰ বাবে নতুনকৈ ১৫০খান বিচনাযুক্ত তিনিটা কভিড কেয়াৰ স্থাপন, ৩০টা অক্সিজেন চিলিণ্ডাৰ যোগান আৰু কভিড ৰুগীসকলক জৰুৰীভাৱে অনা নিয়া কৰাৰ বাবে নতুনকৈ ৫খন এম্বুলেন্স সেৱা দিয়াৰ কথা উল্লেখ কৰে। লগতে মন্ত্ৰী গৰাকীয়ে ধনিশিৰি প্ৰশাসনক গ্ৰামাঞ্চলৰ লকসকলৰ মাজত কভিড সজাগতাৰ বাবে মাইকযোগে ঘোষণা কৰাৰ নিৰ্দেশ দিয়ে আৰু বিনা কাৰণত ৰাস্তাই ঘাটে ওলাই ফুৰা লোকসকলৰ প্ৰতি আৰু গাঁওত থকা গেলামালৰ দোকানসমূহত মাস্ক নিপিন্ধাকৈ আদ্ডা মাৰি থকা লোকসকলৰ প্ৰতি ধনশিৰি আাৰক্ষী প্ৰশাসনক অধিক কঠোৰ হবলৈ নিৰ্দেশ দিয়ে। মন্ত্ৰী গৰাকীয়ে সভাৰ শেষত সৰুপথাৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ বিভিন্ন সুবিধা অসুবিধা সন্দৰ্ভত বুজ লয়।

P&C
You might also like