Your Voice, Our Strength

ভৰ খেতিৰ দিনত তিতাবৰত নাই পানী । কৃষকৰ মাজত হাহাকাৰ

আজিৰ খবৰ ১০ জুলাই:  জুলাইঃ এফালে মহামাৰীৰ তাণ্ডৱ  আৰু আনফালে খৰাং বতৰে যোৰহাট  জিলাৰ কৃষি প্ৰধান অঞ্চল তিতাবৰৰ কৃষক ৰাইজক বাৰুকৈয়ে জীয়াতু ভোগাইছে। ধানৰ কাৰণে অসম বিখ্যাত  জিলাখনৰ তিতাবৰ সমষ্টিৰ  বৰপথাৰ,খাত’পথাৰ, হামদৈকে  আদি বহু পথাৰত পানীৰ অভাৱত কৃষকে হাহাকাৰ কৰি উঠিছে । সাধাৰণতে জুলাই মাহত যথেষ্ট পৰিমাণে বৰষুণ হয় যদিও এইবাৰ বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাত কাছজান নদী, কাকডোঙা নদীৰ  পানীও বঢ়া নাই । বিশেষ কৈ অন্য ঠাইৰ দৰে এই ঠাই সমূহত বৰষুণৰ পৰিমাণ একেবাৰেই  হ্ৰাস পোৱাত  পথাৰ সমূহত  সেই পৰিপ্ৰেক্ষিত পানী নোহোৱাত  কৃষক ৰাইজ খেতিক কৰাক  লৈ  শংকিত হৈ পৰিছে। কেৱল মাত্ৰ এটা  ধান খেতি কৰি জীৱিকা উপাৰ্জন কৰা তিতাবৰৰ প্ৰায়বোৰ পথাৰতেই পানী নাই। পানীৰ অভাৱত কোনো কোনো পথাৰত চিৰাল ফাট মেলিছে। পানী নাপাই পথাৰত হাল জুৰিব পৰা নাই, মাটি চহাব পৰা নাই। ভৰ খেতিৰ দিনত বতৰ খৰাং হৈ পথাৰত এটুপি পানী নথকাৰ বাবেই কৃষক ৰাইজ কি কৰোঁ, কি নকৰোঁ অৱস্থাৰ সন্মুখীন হৈছে। তিতাবৰত  অধিকাংশ ঠাইতে এতিয়া ভূঁই  ৰোৱা-তোলাৰ সময়ত খেতি পথাৰত পানীৰ অভাৱত কৃষক চিন্তিত হৈ মূৰে কঁপালে হাত দিছে।

উল্লেখযোগ্য যে, ৰাজ্যত কোভিড পৰিস্থিতি নিয়ন্ত্ৰণ আনিবলৈ চৰকাৰে  যোৰহাটত  যি লক ডাউনৰ বব্যস্থা কৰিছে তাতো ব্যাপক ভাবে প্ৰভাৱ পেলাইছে সাধাৰণ কৃষকক । ইফালে কোভিদ নিয়ন্ত্ৰণতো  যেন সফল হ’ব পৰা নাই স্বাস্থ্য বিভাগে । জিলাখনৰ লগতে তিতাবৰত অধিক জটিল পৰিস্থিতি ৰূপ লৈছে কোভিদে । শেহতীয়াকৈ তিতাবৰত ১৮ গৰাকীকৈ শিশু আৰু কিশোৰ আক্ৰান্ত হৈছে কোভিডত । যাতায়ত বন্ধ,ব্যৱসায় বন্ধ ।। সকলো পথেই এতিয়া স্তব্ধ । সাধাৰণ ৰাইজে হতাশাগ্ৰস্ত হৈ  হেৰুৱাই পেলাইছে দিকবিক শূণ্য জীৱন । এফালে কাল কৰোনাৰ মহা কাল আনফালে কৰ্মহীন হৈ অৰ্থৰ নাটনিত ভূগিছে সাধাৰণ ৰাইজ। কৃষিৰ ওপৰত নিৰ্ভৰ কৰি জীৱিকা নিৰ্বাহ কৰা খেতি পথাৰ কেইডৰাই সম্বল হিচাপে লৈ খেতি কৰিবলৈ ওলাই অহা কৃষক সকলৰ বাবেও  পথাৰত পানীৰ অভাৱ ।   একাধিক অঞ্চলত পানীৰ অভাৱত খেতি কৰিব পৰা নাই। আগতীয়াকৈ কঠিয়া ৰুব লগা খেতিয়ক সকল অধিক চিন্তিত হৈ এতিয়া মূৰে কঁপালে হাত দিছে ।

P&C
You might also like