প্ৰেমৰ এক কথামালা,“ নীলাৰ স’তে সূৰ্যাস্তৰ সন্ধানত….!”আজিৰ পৰা আৰম্ভ কৰা হৈছে ধাৰাবাহিক পত্ৰোপন্যাসঃ নীলাৰ স’তে সূৰ্যাস্তৰ সন্ধানত….! পঢ়িবচোন…..
প্ৰতিটো দেওবাৰে খণ্ড হিচাপে প্ৰকাশ কৰা হ'ব ,“ নীলাৰ স’তে সূৰ্যাস্তৰ সন্ধানত....!
———– প্ৰথম খণ্ড_________
“ নীলাৰ স’তে সূৰ্যাস্তৰ সন্ধানত০০০০”
—- অৰুণাভ
( নীলা !! নীলা কোন ? নিৰৱধি কঢ়িয়াই লৈ ফুৰা সপোন এটা !! উশাহ এটাৰ দৰে আলসুৱা এটুকুৰা আবেগৰ দৰে বুকুৰ ঢিপ ঢিপ শব্দৰ বোকোচাত বৈ ফুৰা, আতোলতোল আপদালেৰে শিৰা ধমনীত সাৰে ৰখা হেপাঁহ এটা ! আকাশৰ দৰে নীলা, নীলাবোৰ কেতিয়াবা ডাৱৰত লুকাই, তৰাবোৰৰ আঁৰ লৈ অচিন পৰ্যটক হৈ হেৰাই ! অৰুণাভ এখন চঞ্চল চিলা হৈ হেৰাই যাব খোজে নীলাৰ সন্ধানত ! কেতিয়াবা শাওঁনৰ অভিমানী আকাশে উচুপি উঠিলে নীলাই যেন অৰুণাভলৈ মিচিকিয়াই হাঁহে ! নীলাৰ আঙুলিত ধৰি, নীলাৰ মেঘালী চুলিৰ ঢৌ লেখি লেখি সূৰ্য্যাস্তৰ সন্ধানত নীলা হেৰাব খোজে ! হৃদয় আস্তাবলত কুৰিটা বছৰে বান্ধি ৰখা প্ৰেমৰ ৰণুৱা ঘোঁৰা অনুভৱৰ বৰষুণত তিতিব খোজে ০০০০০০ আস্তাবলৰ নঙলা খুলি দিয়ে অৰুণাভে ০০০ শব্দৰ সমদল এটা হৈ আগবাঢ়ে ০০০)
নীলা,
সূৰ্য্যাস্ত তোমাৰ প্ৰিয় ? সূৰ্য্যাস্তই সামৰি থয়নে তোমাৰ আকাশৰ নীলাবোৰ ? সূৰ্য্যাস্তৰ ঠিকনাবোৰ অন্তহীন, অথচ প্ৰতিটো ঠিকনাতেই সূৰ্য্যাস্তৰ সন্ধান পাই সকলোৱে ! শুক্লেশ্বৰ ঘাটৰ পৰা সূৰ্য্যাস্তৰ ঠিকনা বিচাৰিছিলো৷ শৰাইঘাট দলঙৰ ৰেলিঙত খন্তেক জিৰাবলৈ লৈ হঠাৎ উজনিমুৱা ৰেলৰ ডবা এটাত সূৰ্য্যটো হেৰাই গৈছিল ৷ বান ৰজাৰ দেশত এদিন চিত্ৰলেখা উদ্যানৰ বুকুৰ পৰাও বিচাৰিছিলোঁ সন্ধান ৷ উষা অনিৰূদ্ধইও হেনো বিচাৰিছিল সূৰ্য্যাস্তৰ সন্ধান ? কাণে কাণে কোনে জানো ক’লে ? ঘুৰি চাওঁতেই হেৰাল সূৰ্য্যটো !! কলীয়াভোমোৰা দলঙৰ পৰা সংগোপনে নিৰীক্ষণ কৰিছিলো কৰিছিলো ০০০
তাৰ পিছত নিমাতী ঘাটতো সাজ লগাৰ আগৰখন ফেৰীত কমলাবাৰীলৈ গুচি যোৱা সূৰ্য্যটো অলপমানৰ বাবেহে দেখা নাপালো ৷
অ’ কি সুধিছিলোঁ ?
“ সূৰ্য্যাস্ত তোমাৰ প্ৰিয়?”
সুধিবা চাগে কিয় সুধিছো, ক’ৰ পৰা সুধিছো ?
কিয় সুধিছো মানে ?
সূৰ্য্যাস্তৰ সন্ধানত তুমি এনেকৈ পিটপিটাই ফুৰা নাই চাগে ? কিমান ভাল ভাল পালে মোৰ দৰে কোনোবাই সন্ধান কৰিব পাৰে সূৰ্য্যাস্তৰ ?
“ ক’ৰ পৰা ? ”
ৰূপহীমুখ ৷ তোমাৰ প্ৰেমে বিদীৰ্ণ কৰি যোৱা মোৰ বুকুখনৰ দৰেই খঙাল লুইতে বিদাৰি যোৱা বক্ষৰে শীৰ্ণ ৰূপহীমুখ ৷ সূৰ্য্যাস্তৰ সন্ধানত প্ৰায় দুকুৰি বছৰ বাগৰি যোৱাৰ পিছত পাইছো ৰূপহীমুখক ৷ শিমলুৰ ৰংবোৰ সামৰি ল’লে নদীয়ে, লগতে ওখকৈ বিৰিখৰ ছাঁ বোৰো ৷ কুৰুকি কুৰুকি নদীখন সোমাই আহিল বহুদূৰ ৷ পথ পথাৰ একাকাৰ কৰি নদীখনে এতিয়া জিৰাইছে শান্ত সমাহিত এসোঁতা জলধাৰা হৈ ৷ ঠিক তোমাৰ দৰে ০০০০০!!
সেই ৰূপহীমুখৰ পৰাই সুধিছো ৷ সিটো পাৰৰ শাৰী শাৰী শিমলু আৰু সন্ধালনিকৈ সজোৱা ডাৱৰৰ মাজে মাজে ঢৌ খেলা পাহাৰৰ স’তে নাৱৰীয়াৰ ভটীয়নী গীতবোৰক ৰূপোৱালি সাজ পিন্ধোৱা ৰূপহীমুখ ০০০০ শুনিছানে টং টং শব্দ! ম’হখুটিৰ পৰা ভাঁহি অহা ০০০ !! সূৰ্য্যাস্তৰ স’তে কি আন্তৰিকতা ম’হবোৰৰ , গুৱালবোৰৰ ? সেউজীয়া চাপৰিত সিঁচৰতি হৈ পৰা টং টং শব্দবোৰে সূৰ্য্যাস্তৰ ঠিকনালৈ কিদৰে এটা মিছিল হৈ খোজ লৈছে ?
ঐ !! কথা এটা কওঁ !! তোমাৰ নূপুৰৰ শব্দবোৰ খুলি ৰাখিবা ! প্ৰেমিক চৰাইজনীৰ ঠোঁটত পাৰিলে গুজি দিবা ! যদিহে সূৰ্য্যাস্তৰ সন্ধান নিদিয়া ০০০ তাই মোৰ খিৰিকীমুখলৈ আহে প্ৰতি সন্ধিয়া০০০ !! (আগলৈ )