Your Voice, Our Strength

আপোনাৰ বা মোৰ গৰ্ব , অহংকাৰ কিমানদিনলৈ থাকিবনো ???

সময়ৰ নিৰ্মম সত্য উপলব্ধি কৰো আহক...

আজিৰ খবৰ, গুৱাহাটী, ১১ জুলাই : ☑চল্লিশ বছৰ বয়সত উচ্চ শিক্ষিত আৰু কম শিক্ষিতৰ কোনো পাৰ্থক্য নাথাকে,,,

কম শিক্ষিত জনেও উচ্চ শিক্ষিত জনতকৈ বেছি উপাৰ্জন কৰে ।।।

 

P&C

☑পঞ্চাশ বছৰ বয়সত

ধুনীয়াজন আৰু আপচুজন প্ৰায় একেই হৈ যায় ,,,

ধুনীয়া জনৰো আপচু জনৰ দৰে চকুৰ গুৰি ক’লা পৰে,,,

ছাল সোতোৰা সোতৰি হয়,,,

চুলি সৰে।।।

 

☑ষাঠি বছৰ বয়সত উচ্চ পদ আৰু নিম্ন পদৰ পাৰ্থক্য নাইকীয়া হৈ যায় ,,,

অৱসৰৰ পাছত পিয়ন জনেও অফিছাৰ জনলৈ ঘূৰি নোচোৱা হয়।।।

 

☑সত্তৰ বছৰ বয়সত ডাঙৰ ঘৰ আৰু সৰু ঘৰৰ কোনো পাৰ্থক্য নাথাকে ,,,

পৰিয়ালৰ মানুহবোৰ, লগৰবোৰ আতৰি যায় ।।।

আঠুৰ বিষ আৰু কঁকালৰ বিষে ,,,

কম ঠাইতে ঘূৰা ফুৰা কৰিবলৈ সকলোকে বাধ্য কৰে ।।।

 

☑আশী বছৰ বয়সত ধনী আৰু দুখীয়াৰ

কোনো প্ৰভেদ নাথাকে ,,,

ধনীজনে খৰছ কৰিব খুজিলেও খৰছ কৰিবলৈ বাট নাথাকে ।।।

 

☑নব্বৈ বছৰ বয়সত

শুই থকা আৰু জাগি থকা একেই কথা হৈ পৰে ।।।

জাগি থাকিলেও কৰিবলৈ একো নাথাকে ।।।

 

☑সকলো সময়ৰ খেল ,,,

আগলৈ আমাৰ সকলোৰে একে গতিয়েই হ’বলৈ গৈ আছে ।।।

এতিয়া যিবোৰৰ কাৰণে আমি গৰ্ব কৰোঁ ,,,

এসময়ত সেইবোৰৰ কোনো মূল্যই নাথাকিব ।।।

 

☑শান্তিত থাকিবলৈ দুবেলা দুমুঠি আৰু দুযোৰ কাপোৰেই যথেষ্ট,,,

অশান্তিত থাকিবলৈ দুখন গাড়ী, দুটা বাংলা আৰু দুবিঘা মাটিও কম হয় ।।।

You might also like