আজিৰ খবৰ, গুৱাহাটী, ১১ জুলাই : গীৰ্বান বাণী কি?
ঋকবেদৰ মতে দেৱতাসকল ভাষাৰ জন্মদাতা। এই ভাষাক গীৰ্বান বাণী আৰু তাৰ বৰ্ণমালাক ব্ৰাহ্মী আখৰ বোলে। গীৰ্বান বাণী বেদৰ ভাষা।
এই ভাষাক সংস্কাৰ কৰাত তাৰ নাম হ’ল সংস্কৃত।
বাগভট্ৰ ই কৈছে-
“সংস্কৃত স্বৰ্গিনা: ভাষা শব্দ শাস্ত্ৰেষু নিশ্চিতা” । অৰ্থাৎ সংস্কৃত স্বৰ্গবাসী দেৱতা সকলৰ ভাষা।ঋষিমুণি সকলে কৈছে যে- সংস্কৃত দেৱতা সকলৰ বাণী। দেৱনগৰত উদ্ভাৱন হোৱা বাবে ব্ৰাহ্মী আখৰক দেৱনাগৰী বুলিও কোৱা হয়। বেদৰ ভাষা ( গীৰ্বান বানী) প্ৰচলিত সংস্কৃত ভাষাতকৈ কিছু কঠিন।বেদৰ ভাষাক ব্যাকৰণ মতে সংস্কাৰ কৰাত তাৰ নাম হ’ল সংস্কৃত। সংস্কৃত বিদ্যাৱন্ত লোকৰ ভাষা। বিদ্যাৱন্ত লোকেই দেৱ। সেই বাবে সংস্কৃতক দেৱভাষা বোলে।
আমাৰ সকলো ভাৰতীয় ভাষা সংস্কৃতৰ পৰাই জন্মিছে, সংস্কৃতৰ বৈভৱতেই সেই বোৰৰ শ্ৰীবৃদ্ধি হৈছে। ইয়াৰ সাহিত্য ই আমাৰ ভাৰতীয় ভাষাবোৰৰ পথ প্ৰদৰ্শন কৰিছে, শৈলী প্ৰদান কৰিছে, শব্দ শক্তি,শব্দ ভাণ্ডাৰ চিন্তা ধাৰা আৰু কথা বস্তু প্ৰদান কৰিছে। ভাৰতীয় সংস্কৃতি বুলিলে বৈদিক যুগৰ কথাই মনলৈ আহে। বৈদিক যুগতেই বেদ, পুৰাণ, উপনিষদ আদি সদা সমাদৃত গ্ৰন্থবোৰ ৰচনা হৈছিল। এই সকলোবোৰ গ্ৰন্থৰেই লিখিত ভাষা সংস্কৃত।সেই যুগত কথিত ভাষাও আছিল সংস্কৃত। বৈদিক যুগতেই ভাৰতবৰ্ষ ই শিক্ষা,সংস্কৃতি,জ্ঞান- বিজ্ঞান, ৰাজনীতি আদি সকলো ফালৰ পৰাই চৰম উন্নতি লাভ কৰিছিল। পৰৱৰ্তী কালত বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠী ভাৰতবৰ্ষলৈ আগমনৰ লগে লগে মূল সংস্কৃত ভাষাৰ লগত তেওঁলোকৰ কথিত ভাষাৰ সংমিশ্ৰণত অসমীয়া,বঙালী, হিন্দী,উৰীয়া আদি ভাৰতীয় ভাষাবোৰৰ সৃষ্টি হয়। ভাৰতীয় সকলো ভাষাতেই ২০ শতাংশৰ পৰা ৬০ শতাংশলৈ সংস্কৃত শব্দ বিৰাজমান। যিটো ভাষাতেই অধিক চহকী, অধিক প্ৰকাশ শক্তিময় শব্দ ব্যৱহাৰ হৈছে সেই ভাষাই বেছি শক্তি শালী,সেইহে ভিন ভিন ভাষাৰ সৃষ্টি হ’লেও সংস্কৃত ভাষাৰ প্ৰাধান্য এতিয়াও কমা নাই। ভাৰতীয় সকলো ভাষাৰে মূল যিহেতু সংস্কৃত গতিকে শব্দৰ ব্যুৎপত্তি আৰু ব্যাকৰণ জানিবলৈ হ’লে সংস্কৃত ভাষাৰ ওচৰ নাচাপিলে উপায় নাই। গতিকে সকলো ভাষাৰে প্ৰধান হল সংস্কৃত ভাষা।