Your Voice, Our Strength

গোলাঘাটত দুদিনৰ বাবে সম্পূৰ্ণ লকডাউন ঘোষণা

আজিৰ খবৰ,১২ জুলাই : কোভিডৰ ৰেড জ’নত পৰিণত সাত খন জিলাৰ ভিতৰত গোলাঘাট জিলাখনো অন্যতম । কোভিড নিয়ন্ত্ৰণৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্ৰশাসনে আজি দুদিনৰ বাবে সমগ্ৰ জিলাখন সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে । জিলা খনত কভিড সংক্ৰমণ ৰোধৰ বাবে সকলো গেলামালৰ প্ৰতিষ্ঠান, শাক পাচলি, ফলমূল ৰ দোকান দুদিনৰ বাবে সম্পূৰ্ণ বন্ধ থাকিব। গাখীৰ যোগান আৰু ফাৰ্মাচী খোলা থাকিব। জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই এক নিৰ্দেশনাৰ জৰিয়তে এই ঘোষণা কৰে। এই নিয়ম ভঙ্গ কাৰীৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি নিৰ্দেশনাটোত প্ৰকাশ কৰিছে।

You might also like