
গুৱাহাটী মহানগৰীৰ দিছপুৰস্থিত জনতা ভৱনত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ এটা দলে।
আজিৰ খবৰ, গুৱাহাটী, ১৩ জুলাই :- সমগ্ৰ দেশৰ লগতে অসমতো ভয়াবহ ৰূপ ধাৰণ কৰিছে অতিমাৰী কৰোণাই ।প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’ণা ৰোগীৰ সংখ্যা ।ফলত উদ্বিগ্ন হৈ পৰিছে ৰাজ্য চৰকাৰ। ইতিমধ্যে ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহ বন্ধ হৈ পৰিছে। ফলত ছাত্ৰ ছাত্ৰী যঠেষ্ট ক্ষতিগ্ৰস্ত হৈছে।তেনেসময়তে আজি ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক শ্ৰীহিমালয় বাৰিকৰ নেতৃত্বত অহা এটা সঁজাতী দলে আজি গুৱাহাটীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত মুখ্যমন্ত্ৰী আৰু ছাত্ৰ প্ৰতিনিধিসকলৰ মাজত বিশ্ববিদ্যালয়ৰ শৈক্ষিক উন্নয়ন সম্পৰ্কীয় বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰা হয়।
