গুৱাহাটী মহানগৰীৰ লাখটকীয়াস্থিত কেন্দ্ৰীয় হিলাল কমিটি অসমৰ, ঈদ উল আজহাৰ কথা ঘোষণা ।
আজিৰ খবৰ, গুৱাহাটী, ১৩ জুলাই :- ২১ জুলাই অনুষ্ঠিত হব ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ ঈদ উল আজহা। সেই উপলক্ষে আজি গুৱাহাটী মহানগৰীৰ লাখটকীয়াস্থিত কেন্দ্ৰীয় হিলাল কমিটি অসমৰ, সভাপতি মৌলানা ফখৰুদ্দিন আহমদ কাচিমী আৰু সম্পাদক প্ৰধান আলজাহ ইমদাদ হুছেইনে এক প্ৰেছ বিজ্ঞপ্তি যোগে সমূহ ইছলাম ধৰ্মাৱলম্বী লোকক জনায় যে ২১ জুলাই, বুধবাৰে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো আয়োজন কৰা হব ঈদ উল আজহা। সেই উপলক্ষে আজি গুৱাহাটী মহানগৰীৰ লাখটকীয়াস্থিত কেন্দ্ৰীয় হিলাল কমিটি অসমৰ তৰফৰ পৰা সদৌ অসমবাসী ৰাইজলৈ ঈদ মোবাৰক জনাইছে।