Your Voice, Our Strength

শিৱসাগৰত মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাৰ প্ৰতিবাদ

প্ৰাপ্য নাপালে দিল্লীৰ ৰাজপথত গৈ মুণ্ডন কৰাৰ ভাবুকি প্রতিবাদকাৰীৰ

আজিৰ খবৰ, শিৱসাগৰ, ১৩ জুলাই :-

সোমবাৰে শিৱসাগৰত একাংশ মধ্যাহ্ন ভোজন ৰান্ধনীয়ে প্রতিবাদ সাব্যস্ত কৰে । বিগত পাঁচ মাহ ধৰি নিজ মজুৰিৰ পৰা বঞ্চিত হৈ থকাত এই সকল ৰান্ধনী মহিলাই জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে । মাত্র পোন্ধৰ শ টকা বেতনৰ বিনিময়ত কাম কৰি যোৱা এই সকল মহিলাই চৰকাৰক শীঘ্ৰে তেওঁলোকৰ প্ৰাপ্য আদায় দিবলৈ আহ্বান জনায়।

P&C

অসমৰ প্ৰতিখন জিলাতে উপায়ুক্তৰ জড়িয়তে সর্বমুঠ এক লাখ বিদ্যালয়ত নিয়োজিত হৈ থকা ১ লাখ ১৮ হাজাৰ ৯ শ ৯৮ খন স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হ’ব বুলি প্ৰতিবাদকাৰীসকলে স্পষ্ট কৰিছে ।

পূর্বৰ চৰকাৰৰ লগতে বর্তমানৰ চৰকাৰেও এই সকল কর্মচাৰীৰ দুখ-দুৰ্দশা বুজি নাপায় বুলি অভিযোগ কৰি প্রয়োজন হ’লে দিল্লীৰ ৰাজপথত গৈ মুণ্ডন কৰি জংগী আন্দোলন কৰিবলৈ কুণ্ঠাবোধ নকৰে বুলি প্ৰতিবাদী মহিলা সকলে স্পষ্ট কৰি দিয়ে ।

You might also like