Your Voice, Our Strength

অসমত দুখন নতুন অভয়াৰণ্য গঠনৰ দাবী নেচাৰ্ছ বেকনৰ।

মুখ্যমন্ত্ৰীক ড০ হিমন্ত বিশ্ব শৰ্মাক আনুষ্ঠানিক প্ৰস্তাৱ দিলে নেচাৰ্ছ বেকনে

আজিৰ খবৰ, গুৱাহাটী, ১৩ জুলাই :-গোৱালপাৰা জিলাত পঞ্চৰত্ন অভয়াৰণ্য আৰু অজগৰ অভয়াৰণ্য গঠন সন্দৰ্ভত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ সৈতে বিস্তৃত আলোচনা সৌম্যদ্বীপ দত্তৰ। নেচাৰ্ছ বেকনৰ অনুসন্ধানকাৰী দলে পঞ্চৰত্ন অৰণ্যত ১৬৮ প্ৰজাতিৰ বনৰীয়া চৰাই আৰু অজগৰ অৰণ্যত ১৯৬ প্ৰজাতিৰ বনৰীয়া চৰাই নথিভুক্ত কৰিছে। পঞ্চৰত্ন অৰণ্য আৰু অজগৰ অৰণ্যত নেচাৰ্চ বেকনৰ অনুসন্ধানকাৰী দলে মুঠ ৩৬ প্ৰজাতিৰ স্তন্যপায়ী বন্যপ্ৰাণীৰ সন্ধান পাইছে।

 

প্ৰস্তাৱিত পঞ্চৰত্ন অভয়াৰণ্যৰ মাটিকালি প্ৰায় ৯৭৬.০৮ হেক্টৰ আৰু প্ৰস্তাৱিত অজগৰ অভয়াৰণ্যৰ মাটিকালি ৪২৪০.০৮ হেক্টৰ।

 

P&C

এই সংক্ৰান্তত নেচাৰ্ছ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্তই সংগঠনৰ হৈ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাদেৱক আনুষ্ঠানিক প্ৰস্তাৱ প্ৰদান কৰিছে। প্ৰস্তাৱত পঞ্চৰত্ন আৰু অজগৰ অৰণ্যক পৃথকে পৃথকে দুখন অভয়াৰণ্য গঠন কৰাৰ বাবে অনুৰোধ কৰা হৈছে। বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ হাততো প্ৰস্তাৱিত পঞ্চৰত্ন অভয়াৰণ্য আৰু প্ৰস্তাৱিত অজগৰ অভয়াৰণ্যৰ আনুষ্ঠানিক প্ৰস্তাৱ পত্ৰ প্ৰদান কৰা হয়। বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগত সৌম্যদ্বীপ দত্তই ৩০ জুন ২০২১ তাৰিখে দীৰ্ঘ আলোচনাত মিলিত হয়। মুখ্যমন্ত্ৰীৰ সচিব জয়ন্তমল্ল বৰুৱাৰ লগতো অসমৰ অৰণ্য আৰু বন্যপ্ৰাণী সম্পৰ্কে সৌম্যদ্বীপ দত্তই বিস্তাৰিত আলোচনা কৰে।

You might also like